Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজত থিয় হৈ গাম্ভীৰ্যপূৰ্ণ হৃদয়গ্ৰাহী ভাষণ দিলে, যাৰ ফলত অন্তৰ কঁপি উঠিল আৰু চকুত চকুলো আহি গ'ল। এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ দেখোন বিদায়ী ভাষণৰ নিচিনা। গতিকে আমাক কিবা উপদেশ দিয়ক। তেখেতে ক'লেঃ "মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা। তোমালোকে এইবোৰ ছুন্নতক দাঁতেৰে খামুচি ধৰাৰ দৰে খামুচি ধৰিবা, লগতে (দ্বীনৰ ক্ষেত্ৰত) নতুনত্বৰৰ পৰা বিৰত থাকিবা, কাৰণ প্ৰত্যেক বিদআতেই হৈছে পথভ্ৰষ্টতা।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰোঁ, আৰু (শাসকৰ) আনুগত্য কৰিবলৈ অছীয়ত কৰোঁ; যদিও কোনোবা দাসো তোমালোকৰ শাসক হয় তথাপিও। তোমালোকৰ মাজৰ যিসকলে জীৱিত থাকিব সিহঁতে বহুতো মতবিৰোধ দেখিবলৈ পাব; এতেকে তোমালোকে মোৰ ছুন্নত আৰু হিদায়তপ্ৰাপ্ত খুলাফায়ে ৰাছিদীনৰ পদ্ধতিক মজবুতভাৱে মানি চলিবা, সেইটোক দাঁতেৰে (অৰ্থাৎ মজবুতকৈ) খামোচি ধৰি ৰাখিবা; আৰু (চৰীয়তৰ ক্ষেত্ৰত) নৱাৱিষ্কৃত বিষয় সম্পৰ্কে সাৱধান থাকিবা, কাৰণ (প্ৰত্যেক নতুনত্বৰ হৈছে বিদ'আত,) প্ৰত্যেক বিদ'আতেই হৈছে ভ্ৰষ্টতা।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। তেখেতে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবলৈ বেলেগ ঠাইলৈ গ’ল। সেই সময়তে আমি এটা ৰঙা চৰাই (হুম্মাৰা) আৰু তাৰ দুটা পোৱালি দেখিলোঁ। আমি তাইৰ পোৱালি দুটা ধৰি আনিলোঁ। চৰাইজনী পিছে পিছে আহি পাখি মেলি পোৱালিৰ বাবে অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক’লে: “কোনে ইয়াৰ পোৱালি আনি ইয়াক অস্থিৰতাত পেলাইছে? ইয়াৰ পোৱালিবোৰ ইয়াক ওভোতাই দিয়া!” ইয়াৰ পিছত তেখেতে এটা পৰুৱাৰ ঘৰ দেখা পালে যিটোক আমি জ্বলাই দিছিলোঁ। তেখেতে ক’লে: “এইটো কোনে জ্বলাইছে?” আমি উত্তৰত ক’লোঁ: “আমি।” তেতিয়া তেখেতে ক’লে: “অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”
ছহীহ (আবু দাঊদ)