Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 72 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ। মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।' ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।" আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।' ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?' তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
ছহীহ (মুছলিম)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম, আহমদ)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহ আলাইহি অছাল্লামে সৰ্বশক্তিমান আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছেঃ মহান আল্লাহে কৈছেঃ “নিশ্চয় আল্লাহে পাপ-পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। ইয়াৰ পিছত তেওঁ ইয়াৰ ব্যাখ্যাও কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰিছে; কিন্তু সেইটোক কৰ্মত বাস্তৱায়িত কৰিব পৰা নাই, মহান আল্লাহে তাৰ বাবে (কেৱল নিয়ত কৰাৰ বিনিময়তে) এটি সম্পূৰ্ণ নেকী লিখি দিয়ে, আৰু যদি সি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ বিনিময়ত তাক দহৰ পৰা সাতশ গুণ পৰ্যন্ত; আনকি তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে। আনহাতে যদি কোনোবাই কোনো এটা পাপ কৰ্ম কৰাৰ সংকল্প কৰে; আৰু যদি সি সেইটোক কৰ্মত পৰিণত নকৰে, তেনেহ'লে আল্লাহে তাৰ বাবে এটা পূৰ্ণ নেকী লিখি দিয়ে। আনহাতে যদি সি সংকল্প কৰাৰ পিছত সেইটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ ফলত কেৱলমাত্র এটাই পাপ লিপিবদ্ধ কৰে।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ কোনো এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেওঁ কৈছে, লোকসকল টোপনিত থকা অৱস্থাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বাৰ্তাবাহক প্ৰেৰণ কৰি নিৰ্দেশ দিলে যে, "কোনো উটৰ ডিঙিতে যেন ধেনুৰ ৰছীৰ হাৰ নাথাকে অথবা বেলেগ কোনো হাৰো যাতে নাথাকে, আৰু যদি থাকে তেন্তে সেইটো যাতে কাটি পেলোৱা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান যুদ্ধবন্দী অনা হ'ল। তাৰে এগৰাকী আছিল মহিলা, যাৰ স্তন গাখীৰেৰে পূৰ্ণ আছিল। সেই মহিলাজনীয়ে বন্দীসকলৰ মাজত কোনো শিশু পালেই তাক কোলাত তুলি লৈ পিয়াহ খুওৱাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কলেঃ "তোমালোকে ভাবানে এই মহিলাগৰাকীয়ে নিজৰ সন্তানক জুইত পেলাই দিব?" আমি উত্তৰ দিলোঁ: "নাই, তাইৰ ক্ষমতা থাকিলেও তাই এই কাম নকৰিব।" তেতিয়া তেখেতে ক'লে: "এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু জৰ গিফাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছে যে, মহান আল্লাহে কৈছে, “হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা। হে মোৰ বান্দাসকল! তোমালোক আটায়েই পথভ্রষ্ট; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই সঠিক পথ দেখুৱাইছোঁ (অৰ্থাৎ হিদায়ত প্ৰদান কৰিছোঁ)। গতিকে তোমালোকে মোৰ ওচৰত হিদায়ত কামনা কৰা, ময়ে তোমালোকক সঠিক পথ দেখুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে ক্ষুধাৰ্ত; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই পানাহাৰ কৰাওঁ। গতিকে তোমালোকে মোৰ ওচৰতেই পানাহাৰ বিচৰা, ময়ে তোমালোকক খুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে বস্ত্রহীন; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই বস্ত্র দান কৰিছোঁ। গতিকে তোমালোকে মোৰ ওচৰত বস্ত্র বিচৰা, মই তোমালোকক বস্ত্রদান কৰিম। হে মোৰ বান্দাসকল! তোমালোকে দিনে-ৰাতি পাপ কৰি থাকা আৰু ময়েই তোমালোকৰ সকলো পাপ ক্ষমা কৰি দিওঁ। গতিকে তোমালোকে কেৱল মোৰ ওচৰতেই ক্ষমা প্রার্থনা কৰা, নিশ্চয় মই তোমালোকক ক্ষমা কৰি দিম। হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোৰ একো ক্ষতি কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। হে মোৰ বান্দাসকল! যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে, জ্বিন হওক অথবা মানুহ, তোমালোক সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ মুত্তাক্বী ব্যক্তিৰ নিচিনা মুত্তাক্বী হৈ যোৱা, তথাপিও মোৰ ৰাজত্বৰ একো বৃদ্ধি নহ’ব। হে মোৰ বান্দাসকল! আনহাতে যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে মানৱ আৰু জ্বিন সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপীৰ দৰে হৈ পৰে, তথাপিও এইটোৱে মোৰ ৰাজত্বৰ একো হ্ৰাস কৰিব নোৱাৰিব। হে মোৰ বান্দাসকল! যদি তোমালোকৰ প্রথম প্রজন্মৰ পৰা শেষ প্রজন্মলৈকে মানৱ আৰু জ্বিন সকলোৱে মিলি এখন পথাৰত একত্রিত হৈ মোৰ ওচৰত প্রার্থনা কৰা, আৰু মই যদি তোমালোকৰ প্রত্যেককে তাৰ বিচৰা বস্তুটো দান কৰোঁ, তথাপিও (এই দানে) মোৰ ওচৰত থকা ভাণ্ডাৰৰ কেৱল সেইখিনিয়ে হ্ৰাস কৰিবলৈ সক্ষম হ’ব, এটা বেজি সাগৰৰ পানীত ডুবালে সাগৰৰ পানীৰ পৰা যিমানখিনি হ্ৰাস হয়। হে মোৰ বান্দাসকল! নিশ্চয় মই তোমালোকৰ কর্মসমূহ হিচাপ কৰি ৰাখিছোঁ। এতেকে মই তোমালোকক ইয়াৰ পৰিপূৰ্ণ বিনিময় দান কৰিম। এতেকে যিয়ে কল্যাণ লাভ কৰিব, তেওঁ আল্লাহৰ প্রশংসা কৰা উচিত। আৰু যিয়ে ইয়াৰ বিপৰীতটো (অর্থাৎ অকল্যাণ) লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত।”
ছহীহ (মুছলিম)
উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})