Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 67 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"নিশ্চয় সৰ্বশক্তিমান আল্লাহে তোমালোকক তোমালোকৰ পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত, যিদিনা মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা মই কেতিয়াও বাপ-দাদাৰ শপত খোৱা নাই। জানি বুজিও খোৱা নাই আৰু কাৰোবাৰ অনুকৰণতো খোৱা নাই।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যিয়ে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, লগতে ঈছা হৈছে তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})