Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 55 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মোক আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? তেখেতে মোক আদেশ দিছিল যে, তুমি য'তে কোনো প্ৰতিমা দেখিবা সেইটোক নিঃশেষ কৰিবা, আৰু য'তেই কোনো ওখ কবৰ দেখা পাবা, সেইটোক সমতল ভূমিত পৰিণত কৰিবা।
ছহীহ (মুছলিম)
"তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।"
ছহীহ (মুছলিম)
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ। মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।' ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।" আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।' ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?' তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
ছহীহ (মুছলিম)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম, আহমদ)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহ আলাইহি অছাল্লামে সৰ্বশক্তিমান আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছেঃ মহান আল্লাহে কৈছেঃ “নিশ্চয় আল্লাহে পাপ-পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। ইয়াৰ পিছত তেওঁ ইয়াৰ ব্যাখ্যাও কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰিছে; কিন্তু সেইটোক কৰ্মত বাস্তৱায়িত কৰিব পৰা নাই, মহান আল্লাহে তাৰ বাবে (কেৱল নিয়ত কৰাৰ বিনিময়তে) এটি সম্পূৰ্ণ নেকী লিখি দিয়ে, আৰু যদি সি সেই সংকল্পটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ বিনিময়ত তাক দহৰ পৰা সাতশ গুণ পৰ্যন্ত; আনকি তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে। আনহাতে যদি কোনোবাই কোনো এটা পাপ কৰ্ম কৰাৰ সংকল্প কৰে; আৰু যদি সি সেইটোক কৰ্মত পৰিণত নকৰে, তেনেহ'লে আল্লাহে তাৰ বাবে এটা পূৰ্ণ নেকী লিখি দিয়ে। আনহাতে যদি সি সংকল্প কৰাৰ পিছত সেইটোক কৰ্মত পৰিণত কৰে, তেনেহ'লে আল্লাহে ইয়াৰ ফলত কেৱলমাত্র এটাই পাপ লিপিবদ্ধ কৰে।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ কোনো এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেওঁ কৈছে, লোকসকল টোপনিত থকা অৱস্থাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বাৰ্তাবাহক প্ৰেৰণ কৰি নিৰ্দেশ দিলে যে, "কোনো উটৰ ডিঙিতে যেন ধেনুৰ ৰছীৰ হাৰ নাথাকে অথবা বেলেগ কোনো হাৰো যাতে নাথাকে, আৰু যদি থাকে তেন্তে সেইটো যাতে কাটি পেলোৱা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান যুদ্ধবন্দী অনা হ'ল। তাৰে এগৰাকী আছিল মহিলা, যাৰ স্তন গাখীৰেৰে পূৰ্ণ আছিল। সেই মহিলাজনীয়ে বন্দীসকলৰ মাজত কোনো শিশু পালেই তাক কোলাত তুলি লৈ পিয়াহ খুওৱাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কলেঃ "তোমালোকে ভাবানে এই মহিলাগৰাকীয়ে নিজৰ সন্তানক জুইত পেলাই দিব?" আমি উত্তৰ দিলোঁ: "নাই, তাইৰ ক্ষমতা থাকিলেও তাই এই কাম নকৰিব।" তেতিয়া তেখেতে ক'লে: "এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})