Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 123 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (54)
বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ (গোত্ৰ)ৰ আহত ব্যক্তিক ক'লেঃ "তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।"
ছহীহ (মুছলিম)
"আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে, মোৰ বাহন ধ্বংস হৈ গৈছে, আপুনি মোক এটি বাহন প্রদান কৰক। তেখেতে ক'লে: “মোৰ ওচৰত তেনেকুৱা একো নাই।” তেতিয়া আন এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব।”
ছহীহ (মুছলিম)
আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।"
ছহীহ (মুছলিম)
"নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।"
ছহীহ (মুছলিম)