Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 123 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (54)
"হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।"
ছহীহ (মুছলিম)
"আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন। জোহৰৰ নামাজ আওৱাল ওৱাক্তত আদায় কৰাৰ যি ছোৱাব আছে, সেয়া যদি সিহঁতে জানিলেহেঁতেন তেন্তে সিহঁতে ইয়াৰ বাবে প্ৰতিযোগিতা কৰিলেহেঁতেন। এইদৰে ঈশ্বা আৰু ফজৰৰ নামাজ (জামাত)ত পঢ়াৰ যি ছোৱাব আছে, সেয়া যদি সিহঁতে জানিলেহেঁতেন তেন্তে সিহঁতে শিশুৰ দৰে আঠুৰ ওপৰত ভৰ কৰি চোঁচৰি হ'লেও আহিলহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ (মুছলিম)
সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
ছহীহ বুখাৰীয়ে হাদীছটো জাবিৰৰ পৰা বৰ্ণনা কৰিছে, আৰু মুছলিমে বৰ্ণনা কৰিছে হুজাইফাৰ পৰা।
"প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ- আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" তেওঁ কৈছেঃ তেখেতে মোক এইখিনি কথা কৈছে, মই যদি তেখেতক আৰু সুধিলোঁহেঁতেন তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাল ফালাহ কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)