Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 82 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব, তাৰ বাবে দহটা দাস মুক্ত কৰাৰ সমপৰিমাণ ছোৱাব আছে। লগতে তাৰ বাবে এশটা ছোৱাব লিপিবদ্ধ কৰা হ'ব আৰু এশটা গুনাহ মোচন কৰা হ'ব। লগতে সেইদিনা তাক সন্ধিয়ালৈকে চয়তানৰ পৰা সুৰক্ষিত থকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। সেই ব্যক্তিয়ে যিটো আমল কৰিছে, তাতকৈ উত্তম আমল আৰু কোনেও লৈ উপস্থিত হ'ব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে ইয়াতকৈও অধিক আমল কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।
ছহীহ (বুখাৰী)
"আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকে মৃত লোকসকলক গালি নাপাৰিবা; কাৰণ সিহঁতে নিজৰ কৰ্মফলৰ ওচৰলৈ গৈ উপনীত হৈছে।
ছহীহ (বুখাৰী)