Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 82 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে সেইসকল লোকৰ আৱাসস্থলত প্ৰৱেশ নকৰিবা, যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে। কিন্তু যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দোনৰত অৱস্থাত প্ৰৱেশ কৰিবা। এই সতৰ্কতা অৱলম্বন কৰি যে, সিহঁতৰ প্ৰতি যি বিপদ আহিছিল, সেইটো যাতে তোমালোকৰ ওপৰতো নাহে।" ইয়াৰ পিছত তেখেতে নিজৰ বাহনক ধমক প্ৰদান কৰি দ্ৰুতগতিত খেদি সেই অঞ্চল অতিক্ৰম কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যদি এটা কাইটো বিন্ধে, তেন্তে ইয়াৰ ফলত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন বেদুইন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ “মোক এনেকুৱা আমলৰ নিৰ্দেশনা দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পৰিম।” তেতিয়া তেখেতে ক'লে: "আল্লাহৰ ইবাদত কৰিবা, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, পাঁচ ওৱাক্ত ফৰজ চালাত (নামাজ) নিয়মিত পালন কৰিবা, ফৰজ জাকাত আদায় কৰিবা আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" সেই ব্যক্তিজনে ক’লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াতকৈ মই একো বেছি নকৰোঁ। যেতিয়া সেই ব্যক্তিজন উভতি গ'ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: "যিয়ে কোনো জান্নাতী ব্যক্তিক চাব বিচাৰে তেওঁ ইয়াক চোৱা উচিত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে। মই কেৱল বিতৰণকাৰীহে মাত্ৰ, আল্লাহেই(জ্ঞান) দাতা। কিয়ামত পৰ্যন্ত এই উম্মত সদায় আল্লাহৰ হুকুমৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, বিৰোধকাৰীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।"
ছহীহ (বুখাৰী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক যেতিয়া কোনো কামৰ নিৰ্দেশ দিছিল, তেতিয়া তেখেতে তেওঁলোকক সামৰ্থ অনুযায়ী নিৰ্দেশ প্ৰদান কৰিছিল। এবাৰ তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ দৰে নহয়। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিছে। এই কথা শুনি তেখেতে ক্ৰোধান্বিত হ'ল, আনকি তেখেতৰ মুখমণ্ডলত ক্ৰোধৰ প্ৰভাৱ প্ৰস্ফুটিত হ'ল। ইয়াৰ পিছত তেখেতে ক'লেঃ "তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ আৰু আল্লাহ সম্পৰ্কে বেছি অৱগত।"
ছহীহ (বুখাৰী)