Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 82 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"শপতৰ জৰিয়তে ব্যৱসায়িক পণ্য নিশ্চয় বিক্ৰী হয়, কিন্তু ইয়াৰ ফলত বৰকত শেষ হৈ যায়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।"
ছহীহ (বুখাৰী)