Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 36 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব, যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।"
ছহীহ আহমদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, ইবনে হিব্বান আৰু হাকিমে বৰ্ণনা কৰিছে।
"উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ প্ৰথম হাদীছ: মুছলিমে বৰ্ণনা কৰিছে, আৰু দ্বিতীয় হাদীছ: আহমদ আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
ছহীহ আহমদ, তিৰমিজী, ইবনে মাজাহ, আৰু ইবনে হিব্বানে বৰ্ণনা কৰিছে।
"হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ আৰু তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। তেখেতে ক'লেঃ সেয়া হৈছে, "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।
ছহীহ (তিৰমিজী, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)