Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 24 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"
হাছান আবু দাঊদ, তিৰমিজী, আহমদ, আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।"
ছহীহ (আবু দাঊদ)
"তোমালোকে বগা কাপোৰ পৰিধান কৰা, কাৰণ তোমালোকৰ কাপোৰৰ ভিতৰত বগা কাপোৰ হৈছে সৰ্বোত্তম। লগতে বগা কাপোৰেৰেই তোমালোকে মৃত ব্যক্তিক কাফন দিয়া।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
তোমালোকে নিজৰ ঘৰবোৰক কবৰস্থানত পৰিণত নকৰিবা আৰু মোৰ কবৰকো মেলাৰ স্থল নবনাবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।
হাছান (আবু দাঊদ)