Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"বজাৰত বা ঘৰত অকলশৰীয়াকৈ পঢ়া নামাজৰ তুলনাত জামাতত আদায় কৰা নামাজৰ ছোৱাব বিছতকৈও অধিক গুণ বেছি। কিয়নো যেতিয়া তোমালোকৰ মাজৰ কোনোবাই উত্তমৰূপে অজু কৰি কেৱল নামাজ পঢ়াৰ উদ্দেশ্যে মছজিদলৈ যায়, যদি সি নামাজৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত ওলাই অহা নাই তেন্তে তাৰ প্ৰতিটো খোজতে এটাকৈ মৰ্যাদা বৃদ্ধি কৰা হয় আৰু প্ৰতিটো খোজৰ বিনিময়ত তাৰ এটাকৈ গুনাহ মাফ কৰি দিয়া হয়। অৱশেষত সি মছজিদত প্ৰৱেশ কৰে। মছজিদত প্ৰৱেশ কৰাৰ পিছৰে পৰা তাক নামাজত থকা বুলি গণ্য কৰা হয়, যেতিয়ালৈকে সি নামাজৰ কাৰণে তাত বহি থাকে। সি যিটো ঠাইত নামাজ পঢ়িছে সেই ঠাইত যিমান সময়লৈকে বহি থাকে, সিমান সময়লৈকে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰে। তেওঁলোকে কয়ঃ হে আল্লাহ! ইয়াৰ প্ৰতি ৰহম কৰা, ইয়াক ক্ষমা কৰা, হে আল্লাহ! তুমি ইয়াৰ তাওবা কবূল কৰা, (এইদৰে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰিয়ে থাকে) যেতিয়ালৈকে সি তাত কাকো কষ্ট নিদিয়ে অথবা যেতিয়ালৈকে তাৰ অজু ভংগ নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই। এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
ছহীহ (মুছলিম)
"তোমালোকৰ অকলশৰীয়া নামাজতকৈ জামাআতত পঢ়া নামাজ পচিছ গুণ বেছি উত্তম। ফজৰৰ সময়ত ৰাতিৰ ফিৰিস্তা আৰু দিনৰ ফিৰিস্তা একত্ৰিত হয়।" ইয়াৰ পিছত আবু হুৰাইৰাই কৈছেঃ তোমালোকে বিচাৰিলে এই আয়াতটো পাঠ কৰি চাব পাৰাঃ (নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।) [ছুৰা আল-ইছৰাঃ ৭৮]
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যি ব্যক্তিয়ে পুৱা-গধূলি মছজিদলৈ যায় আৰু যিমানবাৰ যায়, সিমান বাৰেই আল্লাহে তেওঁৰ বাবে জান্নাতত আপ্যায়ন সামগ্ৰী প্ৰস্তুত কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।"
ছহীহ (মুছলিম)
"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"
ছহীহ (মুছলিম)