Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই এবাৰ ৰাতিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিছনাত নাপালোঁ। মই তেখেতক বিচাৰিবলৈ ধৰিলোঁ, হঠাৎ মোৰ হাতে তেখেতৰ দুয়ো ভৰিৰ তালুত স্পৰ্শ কৰিলে। তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় কৰোৱা আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ "আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। তোমাৰ শাস্তিৰ পৰা তোমাৰ শান্তি আৰু স্বস্তিৰ আশ্ৰয় বিচাৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ প্ৰশংসা হিচাপ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। তুমি সেইদৰেই প্ৰশংসাৰ যোগ্য যিদৰে তুমি তোমাৰ নিজৰ প্ৰশংসা কৰিছা।
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ "লা ইলা-হা ইল্লাল্লাহ, অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হাম্দ, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আল্লাহুম্মা লা মা-নিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল জাদ্দি মিনকাল জাদ্দ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।"
ছহীহ (মুছলিম)
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম? তেতিয়া তেখেতে ক'লেঃ এইদৰে কোৱাঃ اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ ‎"আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ‎ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা ‎মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ‎ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।"‎
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুআ কৰি কৈছিলঃ " হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা।" মুছলিমৰ এটা বৰ্ণনাত এইদৰে আছে যে, "যেতিয়া তোমালোকে শেষ তাশ্বাহহুদ সম্পন্ন কৰিবা, তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আজাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মছীহ দাজ্জালৰ অনিষ্টৰ পৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})