Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

ৰমাজান মাহৰ চালাত বা আন কোনো মাহৰ চালাত ফৰজ হওক বা বেলেগ কোনো চালাত, প্ৰত্যেক চালাততে তেওঁ তাকবীৰ দিছিল। প্ৰথমে থিয় হোৱাৰ সময়ত তাকবীৰ দিছিল। ইয়াৰ পিছত ৰুকু কৰাৰ সময়ত তাকবীৰ দিছিল। (আকৌ ৰুকুৰ পৰা উঠোঁতে) ছামি আল্লাহু লিমান হামিদাহ কৈছিল। ইয়াৰ পিছত ৰুকুত যোৱাৰ আগতেই ৰাব্বানা অলাকাল হাম্দ পাঠ কৰিছিল। ইয়াৰ পিছত আল্লাহু আকবাৰ কৈ ছাজদাহ কৰিছিল। আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। পুনৰ ছাজদাহ কৰোঁতে আল্লাহু আকবাৰ কৈছিল, আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। দুই ৰাকাত শেষ কৰি বৈঠকৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠিবলৈও আল্লাহু আকবাৰ কৈছিল। এইদৰেই তেওঁ চালাত শেষ নোহোৱালৈকে প্ৰত্যেক ৰাকাততে তাকবীৰ দিছিল। চালাত শেষ কৰি তেওঁ কৈছিলঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে আৰু তেখেতৰ লগত আৰু এজন ব্যক্তিয়ে প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে নামাজ পঢ়ি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে ছালামৰ উত্তৰ দি ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" সেই ব্যক্তিজন উভতি গৈ পুনৰ আগৰ দৰে নামাজ পঢ়িলে। ইয়াৰ পিছত আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে আকৌ ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" এনেকৈ তিনিবাৰ পুনৰাবৃত্তি হোৱাৰ পিছত, ব্যক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই ইয়াতকৈ আৰু অধিক সুন্দৰভাৱে পঢ়িব নোৱাৰোঁ। এতেকে আপুনিয়ে মোক শিকাই দিয়ক। তেতিয়া তেখেতে ক'লেঃ "যেতিয়া তুমি নামাজত থিয় হ'বা তেতিয়া তাকবীৰ দিবা। ইয়াৰ পিছত নিজৰ সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ৰূকু কৰিবা আৰু ধীৰস্থিৰভাৱে ৰূকু কৰিবা। ইয়াৰ পিছত ৰূকুৰ পৰা মূৰ তুলি পৰিপূৰ্ণৰূপে পোনহৈ থিয় দিবা। তাৰ পিছত ছাজদাহ কৰিবা আৰু শান্ত হৈ ধীৰ স্থিৰভাৱে ছাজদাহ কৰিবা। তাৰ পিছত ছাজদাৰ পৰা মূৰ তুলি শান্তহৈ বহিবা। এইদৰে তুমি সম্পূৰ্ণ নামাজতে কৰিবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ দুই ৰাকাত ছুন্নত নামাজত (ক্বুল ইয়া আয়্যুহাল কাফিৰূন) আৰু (ক্বুল হুৱাল্লাহু আহাদ) পাঠ কৰিছিল।
ছহীহ (মুছলিম)
"আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।"
ছহীহ (ইবনে হিব্বান)