Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"
ছহীহ (মুছলিম)
"যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।"
ছহীহ (মুছলিম)
"যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাল ফালাহ কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)
তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
ছহীহ (মুছলিম)