Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 33 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
ছহীহ (আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
ছহীহ (তিৰমিজী, আহমদ)
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)