Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 23 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে (কোনো এটা অভিযানলৈ) এটা সেনাদল প্ৰেৰণ কৰিছিল, আৰু সেই সেনা বাহিনীৰ সেনাপতি নিযুক্ত কৰিছিল এজন আনচাৰী লোকক আৰু বাকীসকলক তেওঁৰ (সেনাপতিৰ) আনুগত্য কৰিবলৈ আদেশ দিছিল। (অভিযানত থকা অৱস্থাত কোনো এটা কাৰণত) সেই সেনাপতিজন ক্ৰোধান্বিত হয়। তেতিয়া তেওঁ কয় যে, “নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তোমালোকক মোৰ আনুগত্য কৰিবলৈ আদেশ দিয়া নাইনে?” তেওঁলোকে ক’লে, “হয়, নিশ্চয় দিছে।” তেতিয়া তেওঁ ক’লে, “তেন্তে তোমালোকে কিছুমান কাঠ খৰি সংগ্ৰহ কৰি আনাগৈ।” সিহঁতে খৰি সংগ্ৰহ কৰি আনিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এইবোৰত জুই লগাই দিয়া।” তেওঁলোকে তাত জুই লগাই দিলে। তেতিয়া তেওঁ ক’লে, “এতিয়া তোমালোকে সকলোৱে এই জুইত জাঁপ মাৰি দিয়া।” তেওঁলোকে এটা পৰ্যায়ত জুইত প্ৰৱেশ কৰিবলৈ সংকল্প কৰি পেলাইছিল। কিন্তু তেওঁলোকৰ মাজৰ কেইজনমানে আন কেইজনমানক বাধা দি ক’বলৈ ধৰিলে যে, “আমি এই জুইৰ পৰাই পলায়ন কৰি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিছোঁ।” এইদৰে বাদানুবাদ চলি থাকোঁতে জুই নুমাই গ’ল আৰু তেওঁৰো ক্ৰোধ ঠাণ্ডা হ’ল। ইয়াৰ পিছত এই সংবাদ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰ পালেগৈ, তেখেতে ক’লে, “যদি সিহঁতে জুইত জাঁপ দিলেহেঁতেন তেন্তে কিয়ামত দিৱসলৈকে এই জুইৰ পৰা ওলাই আহিব নোৱাৰিলেহেঁতেন। (শুনা) আনুগত্য (কৰিব লাগে) কেৱল সৎ কামতহে।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিছৰা (পাৰস্য সম্ৰাট) কাইছৰ (ৰোম সম্ৰাট) আৰু নাজ্জাশ্বীকে আদি কৰি বিভিন্ন প্ৰভাৱশালী শাসকসকলৰ ওচৰলৈ আল্লাহৰ ফালে আহ্বান কৰাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াত উল্লিখিত নাজ্জাশ্বী সেই নাজ্জাশ্বী নহয়, যাৰ জানাযাৰ নামাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আদায় কৰিছিল।
ছহীহ (মুছলিম)
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কাইলৈ ​​মই এই পতাকাখন এনে এজন ব্যক্তিৰ হাতত তুলি দিম, যাৰ যোগেদি আল্লাহে (খয়বৰৰ দুৰ্গ) জয় কৰিব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভালপায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভালপায়।" বৰ্ণনাকাৰীয়ে কৈছেঃ সেই ৰাতি লোকসকলে এই চিন্তাত ৰাতি অতিবাহিত কৰিছিল যে, কাক দিয়া হ'ব পতাকাখন। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হ'ল, প্ৰত্যেকেই কামনা কৰি আছিল যে, পতাকাখন তাকেই দিয়া হ'ব। এই অৱস্থাত তেখেতে ক'লেঃ "আলী ইবনু আবি তালিব ক'ত?" কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল! তেওঁৰ চকুৰ বেমাৰ হৈছে। তেখেতে ক'লেঃ "তেওঁক মাতি আনিবলৈ কাৰোবাক প্ৰেৰণ কৰা।" তেওঁক লৈ অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ দুয়ো চকুত তেখেতৰ থু লগাই দিলে আৰু দুআ কৰিলে, ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এনেকুৱা আৰোগ্য লাভ কৰিলে যে, চকুত যেনিবা কোনো বিষেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। পতাকা হাতত লৈ তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে সিহঁত আমাৰ দৰে (মুছলিম) হৈ নাযায়। তেতিয়া তেখেতে ক'লেঃ "তুমি লাহে লাহে আগুৱাই যোৱা, যেতিয়া তুমি সিহঁতৰ চোতালতগৈ উপস্থিত হ'বা, তেতিয়া সিহঁতক ইছলামৰ পিনে আহ্বান কৰিবা আৰু সিহঁতৰ ওপৰত আল্লাহৰ যি অধিকাৰ আছে সেই সম্পৰ্কে সিহঁতক অৱগত কৰিবা। আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিছনা আছিল চামৰাৰে তৈয়াৰী, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল। মুছলিমৰ বৰ্ণনাত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ গাৰু যিটোত তেখেতে আউজি বহিছিল সেইটো চামৰাৰে নিৰ্মিত আছিল আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলোতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})