Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 19 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"যদি মুমিনসকলৰ ওপৰত - অথবা মোৰ উম্মতৰ ওপৰত- কষ্টকৰ নহ'লহেঁতেন তেন্তে মই তেওঁলোকক প্ৰত্যেক নামাজৰ সময়তে মিছৱাক কৰাৰ নিৰ্দেশ দিলোঁহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমি গুহাত আত্মগোপন কৰি থকা অৱস্থাত যেতিয়া আমাৰ মূৰৰ ওপৰত মুশ্বৰিকসকলৰ ভৰি দেখা পালোঁ, তেতিয়া মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! সিহঁতৰ মাজৰ কোনোবাই যদি নিজৰ ভৰিৰ ফালে লক্ষ্য কৰে তেতিয়া দেখোন আমাক দেখা পাব। তেতিয়া তেখেতে ক'লেঃ "হে আবু বকৰ! সেই দুজন ব্যক্তি সম্পৰ্কে আপোনাৰ কি ধাৰণা, যাৰ তৃতীয়জন হৈছে আল্লাহ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।"
ছহীহ (মুছলিম)
চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে। ইয়াৰ পিছত তেখেত মক্কাত ১৩ বছৰ অৱস্থান কৰিছে, তাৰ পিছত তেখেতক হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ফলত তেখেত মদীনালৈ হিজৰত কৰিছে আৰু তাত ১০ বছৰ অৱস্থান কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
(কান্ধলৈকে) দীঘল (বাবৰি) চুলিবিশিষ্ট আৰু ৰঙা পোছাক পৰিহিত কোনো লোককেই মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক ধুনীয়া দেখা নাই। তেখেতৰ চুলিবোৰে তেখেতৰ কান্ধ স্পৰ্শ কৰিছিল। তেখেতৰ উভয় কান্ধৰ মাজত যথেষ্ট দূৰত্ব আছিল। তেখেত বেছি ওখও নাছিল আৰু চাপৰো নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সৰ্বপ্ৰথম যি অহী আহিছিল, সেয়া আছিল নিদ্ৰাৱস্থাত নেক সপোনৰ মাধ্যমত। যি সপোন তেখেতে দেখা পাইছিল সেয়া একেবাৰে প্ৰভাতৰ কিৰণৰ নিচিনা প্ৰকাশিত (বাস্তৱ প্ৰমাণিত) হৈছিল। তাৰ পিছত তেখেতে নিৰ্জনতা পছন্দ কৰিবলৈ ধৰিলে আৰু তেওঁ ‘হিৰা’ৰ গুহাত নিৰ্জনে অৱস্থান কৰি ইবাদত কৰিবলৈ ধৰিলে। তেখেতে নিজ পৰিয়ালৰ ওচৰত উভতি আহি কিছুমান খাদ্যসামগ্ৰী লগত লৈ আকৌ উভতি গৈছিল- এনেকৈ তাত তেখেতে কেই ৰাতিমান ‘ইবাদতত মগ্ন আছিল, তাৰ পিছত খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত উভতি আহি আকৌ সেই একেই সময়ৰ বাবে খাদ্যদ্ৰব্য লৈ গুচি গৈছিল। এনেকৈ ‘হিৰা’ গুহাত অৱস্থানকালত তেখেতৰ ওচৰলৈ সত্য (সহকাৰে ফিৰিস্তা) আগমন কৰে। তেখেতৰ ওচৰত এজন মালাক (ফিৰিস্তা) আহি ক’লে, ‘পঢ়া’। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ ‘‘মই পঢ়িব নোৱাৰোঁ”। তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম) এ কৈছেঃ ‘তাৰ পিছত তেওঁ মোক সাৱটি ধৰি এনেকৈ চাপ দিলে যে, মই ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আকৌ ক’লে ‘পঢ়া’। মই ক’লোঁঃ ‘মই পঢ়িব নোৱাৰোঁ।’ তেওঁ দ্বিতীয়বাৰ মোক সাৱটি ধৰি এনেকৈ চাপ দিলে যে, মই ভাগৰি পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লে ‘পঢ়া’। মই উত্তৰত ক’লোঁ, ‘মই পঢ়িব নোৱাৰোঁ।’ তাৰ পিছত তেওঁ মোক পুনৰ হেঁচা মাৰি ধৰিলে যে, মই আকৌ ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লেঃ ‘‘পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে। তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।’’- (ছুৰা ‘আল-আলাক্ব ৯৬/১-৩)। তাৰ পিছত এই আয়াতসমূহ লৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে- প্ৰত্যাৱৰ্তন কৰিলে। তেখেতৰ হৃদয় কঁপি আছিল। তেওঁ খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক’লে, ‘মোক চাদৰেৰে আবৃত কৰা’, ‘মোক চাদৰেৰে আবৃত কৰা।’ তেতিয়া তেওঁ তেখেতক চাদৰেৰে আবৃত কৰিলে। যেতিয়া শংকা দূৰ হ’ল। তেতিয়া তেখেতে খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত ঘটনা বৃত্তান্ত জনাই দিলে আৰু ক’লে, মই মোৰ জীৱনক লৈ ভয় কৰি আছোঁ। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই ক’লে, ‘আল্লাহৰ শপত, কেতিয়াও নহয়। আল্লাহে আপোনাক কেতিয়াও লাঞ্ছিত নকৰিব। আপুনি দেখোন আত্মীয়-স্বজনৰ লগত সদাচৰণ কৰে, অসহায়-দৰিদ্ৰসকলৰ দায়িত্ব বহন কৰে, নিঃসহায়ক সহযোগিতা কৰে, অতিথিক সমাদৰ কৰে আৰু সত্য পথৰ দুৰ্দশাগ্ৰস্তক সহায় কৰে’। তাৰ পিছত তেখেতক লৈ খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ খুৰাৰ ল’ৰা অৰাক্বাহ ইবনে নাওফাল ইবনে ‘আব্দিল আছাদ ইবনে ‘আব্দিল ‘উযযাহ’ৰ ওচৰলৈ গ’ল, যিয়ে অজ্ঞতা যুগত ‘ঈছায়ী ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতে ইব্ৰানী ভাষা লিখিব পাৰিছিল আৰু আল্লাহৰ তাওফীক অনুযায়ী ইব্ৰানী ভাষাত ইঞ্জীলৰ অনুবাদ কৰিছিল। তেওঁ অতি বৃদ্ধ আছিল আৰু অন্ধ হৈ পৰিছিল। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক’লে, ‘হে (মোৰ) খুড়াৰ ল’ৰা! আপোনাৰ ভতিজাৰ কথা শুনক।’ অৰাক্বাহে তেখেতক সুধিলে, ‘ভতিজা! তুমি কি দেখিছা?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দেখিছিল, সকলো ভাঙি-পাতি ক’লে। তেতিয়া অৰাক্বাহে তেখেতক ক’লে, এইজন সেই বাৰ্তা বাহক যাক আল্লাহে মূছা আলাইহিচ্ছালামৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। হায়! মই যদি সেইদিনা থাকিলোঁহেঁতেন। হায়! মই যদি সেইদিনা জীৱিত থাকিলোঁহেঁতেন, যিদিনা তোমাৰ সম্প্ৰদায়ৰ লোকে তোমাক বহিষ্কাৰ কৰিব।’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?’ তেখেতে ক’লে, ‘হয়, তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতা পূৰ্ণ আচৰণ কৰা হৈছে। সেই সময়ত যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সাহায্য কৰিম।’ ইয়াৰ কিছুদিন পিছতে অৰাক্বাহে ইন্তিকাল কৰিলে, আৰু অহীৰো বিৰতি ঘটিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"(ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) এদিনাখন মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনা পালোঁ, ফলত মই ওপৰৰ ফালে দৃষ্টিপাত কৰিলোঁ। দেখিলোঁ, সেইজন ফিৰিস্তা যিজন হিৰা গুহাত মোৰ ওচৰলৈ আহিছিল। তেওঁ আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইত এখন আসনত বহি আছে। তেওঁক দেখি মই শংকিত হ'লোঁ। তৎক্ষণাত মই তাৰ পৰা (ঘৰলৈ) গুচি আহি ক'লোঁঃ মোক চাদৰ জাপি দিয়া। এই ঘটনাৰ পিছত মহান আল্লাহে অৱতীৰ্ণ কৰিলেঃ {يَا أَيُّهَا المُدَّثِّرُ1 قُمْ فَأَنْذِرْ} ৰ পৰা {وَالرُّجْزَ فَاهْجُرْ} লৈকে। (ছুৰা মুদ্দাচ্ছিৰঃ ১-৫) ইয়াৰ পাছত অহীৰ ধাৰাবাহিকতা পূৰ্ণাংগৰূপে আৰম্ভ হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})