Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মই এনেকুৱা এজন ব্যক্তি সম্পৰ্কে জানো, যাৰ ঘৰ মছজিদৰ পৰা আটাইতকৈ দূৰত আছিল। তথাপিও তেওঁ কেতিয়াও চালাতৰ জামাত এৰা নাছিল। উবাই ইবনু কাআবে কৈছেঃ তাক কোৱা হ'ল, অথবা মই তাক ক'লোঁ, (বৰ্ণনাকাৰী আবু উছমান আন নাহদীৰ সন্দেহ, দুটাৰ কোনটো কৈছিল সেইটো তেওঁৰ মনত নাই) তুমি যদি এটা গাধ কিনি লোৱা, তেন্তে ৰাতিৰ অন্ধকাৰত আৰু দিনত প্ৰখৰ ৰ'দৰ সময়ত আৰোহণ কৰি আহিব পাৰিবা (এইটো তোমাৰ কাৰণে ভাল হ'ব)। এই কথা শুনি তেওঁ ক'লেঃ মোৰ ঘৰ মছজিদৰ কাষত হওক এইটো মোৰ বাবে কোনো আনন্দৰ বিষয় নহয়। মই বিচাৰোঁ, মছজিদলৈ যোৱা মোৰ প্ৰতিটো খোঁজ আৰু মোৰ পৰিয়ালৰ ওচৰলৈ উভতি অহাৰ প্ৰতিটো খোঁজৰ বিনিময়ত আল্লাহে মোৰ আমলনামাত ছোৱাব লিপিবদ্ধ কৰক। তেওঁৰ এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে তোমাৰ বাবে সেই সকলো ছোৱাব একত্ৰিত কৰি ৰাখিছে।"
ছহীহ (মুছলিম)
যেতিয়া বান্দা অসুস্থ হয় অথবা ভ্ৰমণত থাকে, তেতিয়া তাৰ বাবে সেই আমলৰ দৰেই (ছোৱাব) লিখা হয়, যিদৰে তেওঁ মুকীম অৱস্থাত সুস্থ শৰীৰে আমল কৰিছিল।
ছহীহ (বুখাৰী)
"মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে। সূৰ্য্য উদয় হোৱা প্ৰতিটো দিনতে দুজন লোকৰ মাজত সুবিচাৰ কৰাটোও হৈছে চাদাক্বাহ। কাৰোবাক বাহনত আৰোহণ কৰিবলৈ সহায় কৰা অথবা বয়-বস্তু উঠাই দিয়াটোও হৈছে চাদাক্বাহ। উত্তম কথা কোৱাটোও হৈছে চাদাক্বাহ। নামাজৰ বাবে দিয়া প্ৰতিটো খোজ হৈছে চাদাক্বাহ। পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহে নিজৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ (পৰিবৰ্তে) চাদাক্বাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনচাফ কৰাও হৈছে চাদাক্বাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে চাদাক্বাহ, ভাল কথা কোৱাও হৈছে চাদাক্বাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে চাদাক্বাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
ছহীহ (তিৰমিজী, ইবনে হিব্বান)
"নিশ্চয় দ্বীন হৈছে সহজ-সৰল। দ্বীনি বিষয়ত যিয়েই উগ্ৰতা প্ৰদৰ্শন কৰে সি পৰাজিত হয়। এতেকে তোমালোকে মধ্যম পন্থা অৱলম্বন কৰা, আৰু মধ্যম পন্থাৰ নিকটৱৰ্তী থাকিবা, লগতে ছোৱাবৰ আশা পোষণ কৰিবা, আৰু পুৱা-গধূলি তথা ৰাতিৰ কিছু অংশত (ইবাদতৰ জৰিয়তে) সহায় প্ৰাৰ্থনা কৰা।"
ছহীহ (বুখাৰী)