Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 20 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, ঠিক সেই সময়তে কিবা পৰি যোৱাৰ এটা বিকট শব্দ শুনা পালোঁ। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে জানানে এইটো কিহৰ শব্দ?" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ "এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।"
ছহীহ (মুছলিম)
"জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যিয়ে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, লগতে ঈছা হৈছে তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে। সেই সময়ত জাহান্নামীসকল তাৰ চাৰিওফালে একত্ৰিত হ'ব আৰু ক'বঃ হে অমুক! তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তুমি সৎকৰ্মৰ আদেশ দিয়া নাছিলা জানো, আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা নাছিলা জানো? সি ক'বঃ হয়। মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})