Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 20 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)
তোমালোকৰ মাজৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ জান্নাতীৰ মৰ্যাদা এনেকুৱা হ'ব যে, আল্লাহে তাক ক'বঃ তোমাৰ কি কি বিচাৰিবলগীয়া আছে বিচৰা, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ আশা-আকাংক্ষা ব্যক্ত কৰিব। তেতিয়া আল্লাহে তাক ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়। তেতিয়া আল্লাহে তাক ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।"
ছহীহ (মুছলিম)
"হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।" আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ "আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান।" তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।
ছহীহ (মুছলিম)
"জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া তেওঁলোকে ক'বঃ (হে আমাৰ প্ৰতিপালক) তুমি আমাৰ মুখমণ্ডলবোৰ আলোকজ্জ্বল কৰি দিয়া নাইনে? তুমি আমাক জান্নাতত প্ৰৱেশ কৰোৱা নাইনে? তুমি আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? (ইয়াৰ পিছতো আৰু কি লাগে?)। তেতিয়া মহান আল্লাহে পৰ্দা উন্মুক্ত কৰিব। তেতিয়া তেওঁলোকৰ এনেকুৱা লাগিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ উত্তম কোনো বস্তুৱে তেওঁলোকক দিয়া হোৱা নাই।"
ছহীহ (মুছলিম)
"জান্নাতত এটা বজাৰ আছে, য'ত তেওঁলোকে প্ৰত্যেক জুমুআৰ দিনা আগমন কৰিব, সেই সময়ছোৱাত উত্তৰ ফালৰ পৰা এজাক বতাহ বলিব, যি বতাহ তেওঁলোকৰ মুখমণ্ডল আৰু কাপোৰ চুই যাব, ইয়াৰ ফলত তেওঁলোকৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পাব। তেওঁলোকে যেতিয়া নিজৰ পৰিয়ালৰ ওচৰলৈ উভতি আহিব, তেতিয়া তেওঁলোকে এই অৱস্থাত উভতি আহিব যে, তেওঁলোকৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। সেই দেখি তেওঁলোকৰ পৰিয়ালবৰ্গই ক'বঃ আল্লাহৰ শপত! আপুনি আমাৰ ইয়াৰ পৰা যোৱাৰ পিছত আপোনাৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। তেতিয়া তেওঁলোকে ক'বঃ আল্লাহৰ শপত! মই যোৱাৰ পিছত তোমালোকৰো সৌন্দৰ্য্য অধিক বৃদ্ধি হৈছে।"
ছহীহ (মুছলিম)
"দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব। সিহঁতৰ মূৰ হ'ব উটৰ হালি পৰা কুঁজৰ দৰে। সেইসকল নাৰীয়ে কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব। আনকি জান্নাতৰ সুগন্ধিও নাপাব, অথচ জান্নাতৰ সুগন্ধি ইমান ইমান দূৰৰ পৰা পোৱা যায়।"
ছহীহ (মুছলিম)
"মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।" বৰ্ণনাকাৰীয়ে কৈছেঃ চাহাবীসকলৰ ওপৰত সেই দিনটোতকৈ কঠিন দিন আৰু অহা নাছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ (কথাষাৰ শুনি) তেওঁলোকে নিজৰ মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দি আছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ ক'লেঃ আমি আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে পাই সন্তুষ্ট হৈছোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তিয়ে থিয় হৈ তেখেতক প্ৰশ্ন কৰিলেঃ মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ পিতা হৈছে অমুক ব্যক্তি।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হ'লঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা।" (ছুৰা আল-মায়িদাহঃ ১০১)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।" আবু হুৰাইৰাই কৈছেঃ তোমালোকে ইয়াৰ প্ৰমাণস্বৰূপে এই আয়াত পাঠ কৰিব পাৰাঃ অৰ্থঃ এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে। (ছুৰা আচ-ছাজদাহঃ ১৭)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})