Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।" ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছেঃ وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ} আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়। তেওঁ (নিজৰ ইচ্ছা মতে) ন্যায়ৰ তুলাচনী উত্তোলন কৰে আৰু নমায়। দিনৰ আমলৰ আগতে তেওঁৰ ওচৰত ৰাতিৰ আমল উপস্থাপন কৰা হয়, এইদৰে ৰাতিৰ আমলৰ আগতে দিনৰ আমল তেওঁৰ ওচৰত উপস্থাপন কৰা হয়। তেওঁৰ পৰ্দা হৈছে নূৰ, বেলেগ এটা বৰ্ণনাত আছে যে, জুই। যদি তেওঁ সেই পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ জ্যোতিৰে তেওঁৰ দৃষ্টি যিমান পৰ্যন্ত যায় সেই সকলো মখলুক্ব পুৰি ছাৰখাৰ হৈ যাব।"
ছহীহ (মুছলিম)
"তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা। নিজৰ সন্তানক হত্যা নকৰিবা, কাৰো ওপৰত মিছা অপবাদ জাপি নিদিবা, সৎকৰ্মত অবাধ্যতা নকৰিবা। তোমালোকৰ মাজৰ যিয়ে এইবোৰ পালন কৰিব, তাৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আনহাতে কোনোবাই যদি এনেকুৱা কোনো কৰ্মত লিপ্ত হৈ পৃথিৱীতে শাস্তি পায় তেন্তে সেইটো হ'ব তাৰ প্ৰায়শ্চিত্ত। এইদৰে যদি কোনোবাই এনেকুৱা কৰ্ম কৰে আৰু সেইটোক যদি আল্লাহে গোপন ৰাখে তেন্তে সেইটো হ'ব আল্লাহৰ ইচ্ছাধীন। আল্লাহে ইচ্ছা কৰিলে তাক মাফ কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তি বিহিব পাৰে।" আমি এইবোৰ বিষয়ত তেওঁৰ বাইআত গ্ৰহণ কৰিছিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।"
ছহীহ হাকিম আৰু বাইহাক্বীয়ে বৰ্ণনা কৰিছে।
"সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।"
ছহীহ (মুছলিম)