Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। ফিৰদাউছ হৈছে ইয়াৰ সৰ্বোচ্চ স্তৰ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ইয়াৰ ওপৰতে আৰচ অৱস্থিত। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।"
ছহীহ (তিৰমিজী)
"আল্লাহুম্মা ইন্নী আ‘উজু বিকা মিম মুনকাৰাতিল আখলাক্ব, অল আ‘মাল, অল আহৱা।" অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, বেয়া কৰ্ম আৰু প্ৰবৃত্তিৰ বেয়া কামনা-বাসনাৰ পৰা।
ছহীহ (তিৰমিজী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।" এই দেখি মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওপৰত আৰু আপুনি লৈ অহা চৰীয়তৰ ওপৰত ঈমান আনিছোঁ, তথাপিও আমাকলৈ আপোনাৰ ভয় আছে নেকি? তেখেতে ক'লেঃ "হয়। নিশ্চয় অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে।"
ছহীহ (তিৰমিজী, আহমদ)
"কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।" অৰ্থঃ (হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
হাছান (তিৰমিজী)
"মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই সৰ্বশক্তিমান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেখেতে ক'লেঃ "আল্লাহৰ ওচৰত নিৰাপত্তা কামনা কৰক।" কিছুদিন পিছত মই আকৌ আহিলোঁ আৰু ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেতিয়া তেখেতে মোক ক'লেঃ "হে আব্বাছ, হে ৰাছুলৰ খুৰা! আল্লাহৰ ওচৰত আখিৰাত আৰু দুনিয়াৰ নিৰাপত্তা কামনা কৰক।"
ছহীহ লি গাইৰিহ (তিৰমিজী, আহমদ)