Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চয়তানে মোৰ আৰু মোৰ নামাজ তথা কিৰাতৰ মাজত বাধা সৃষ্টি কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।" তেওঁ কৈছেঃ ইয়াৰ পিছত মই এইটো পদ্ধতি অৱলম্বন কৰিলোঁ, ফলত আল্লাহে ইয়াক মোৰ পৰা আঁতৰাই দিলে।
ছহীহ (মুছলিম)
ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই চাকতি ব্যৱহাৰ কৰি হাতত যি কষ্ট পাইছিল সেই সম্পৰ্কীয় এটা অভিযোগ লৈ তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁ সংবাদ পাইছিল যে, তেখেতৰ ওচৰলৈ কিছুমান দাস আহিছে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। তেতিয়া তেওঁ বিষয়টো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাই গ'ল। যেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক বিষয়টো জনালে। আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই কথা শুনি তেখেত আমাৰ ঘৰলৈ আহিল, সেই সময়ত আমি বিছনাত শুবলৈ গৈছিলোঁ। তেখেতক দেখি আমি উঠিবলৈ ধৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "নিজৰ নিজৰ ঠাইতে থাকা।" ইয়াৰ পিছত তেখেত আহি মোৰ আৰু ফাতিমাৰ মাজত বহিলে। আনকি মই তেখেতৰ দুয়ো ভৰিৰ শীতলতা মোৰ পেটত অনুভৱ কৰিছিলোঁ। তেখেতে ক'লেঃ "তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।"
ছহীহ (মুছলিম)