Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 38 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক সেই সময়তে হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলিবোৰ আছিল ভীষণ ক’লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেখেতৰ আঠুৰ লগত মিলাই নিজৰ হাত তেখেতৰ (অথবা নিজৰেই) উৰুত ৰাখি ক’লে: “হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “ইছলাম হৈছে- তুমি এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে আল্লাহৰ ঘৰৰ হজ্জ কৰা।” তেওঁ (লোকজনে) ক’লে: “আপুনি ঠিকেই কৈছে”। (বৰ্ণনাকাৰীয়ে কৈছে) আমি বিস্মিত হ’লোঁ, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি সমৰ্থন কৰি আছে। তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।” তেওঁ ক’লে: “আপুনি ঠিকেই কৈছে”। তাৰ পিছত ক’লে: “মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা (অথবা যদি এইটো কল্পনা কৰিব নোৱাৰা) তেন্তে তুমি জানি থোৱা তেওঁ নিশ্চয় তোমাক দেখি আছে”। তেওঁ ক’লে: “মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে”। তেওঁ ক’লে: “তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- দাসীয়ে নিজৰ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাকলৈ দম্ভ কৰিব”। এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছুসময় বহি থাকিলোঁ। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক’লে: “হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: “তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।”
ছহীহ (মুছলিম)
"হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ দিশত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰোঁ তেওঁলোকেও সেইদৰেই ছালাত আদায় কৰে, আমি যিদৰে ছওম পালন কৰোঁ তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, লগতে তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে। তেখেতে ক’লে: "আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।" তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে? তেখেতে ক’লে: "তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ’বনে? এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"
ছহীহ (মুছলিম)
"নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।" তেখেতক সোধা হ'ল, হে আল্লাহৰ ৰাছুল! মৃত জন্তুৰ তেল সম্পৰ্কে আপোনাৰ মতামত কি? যিটো চৰ্বি মানুহে নাৱত মালিচ কৰে, চামৰাত লগায় আৰু বন্তি জ্বলায়? তেখেতে ক'লেঃ "নহয়, সেইটোও হাৰাম।" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহে ইয়াহুদীসকলক ধ্বংস কৰক, আল্লাহে যেতিয়া সিহঁতৰ ওপৰত মৃত জন্তুৰ চৰ্বি হাৰাম কৰিছিল তেতিয়া সিহঁতে সেইটোক দ্ৰৱীভূত কৰি বিক্ৰী কৰিছিল আৰু ইয়াৰ মূল্য ভক্ষণ কৰিছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।" ইবনে ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাই কৈছেঃ "সন্ধিয়াত উপনীত হ’লে প্ৰভাতৰ অপেক্ষা নকৰিবা আৰু প্ৰভাতত উপনীত হ’লে সন্ধ্যিয়াৰ অপেক্ষা নকৰিবা। অসুস্থতাৰ আগতে সুস্থতাক কামত লগোৱা, আৰু মৃত্যুৰ আগতে জীৱিত অৱস্থাৰ পৰা (পাথেয়) সংগ্ৰহ কৰি লোৱা।"
ছহীহ (বুখাৰী)
"হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক সংৰক্ষণ কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা কৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন একো উপকাৰ কৰিব নোৱাৰিব। আনহাতে যদি সমগ্ৰ মানৱজাতিয়ে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাতকৈ বেছি সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।"
ছহীহ (তিৰমিজী)
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।