Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 18 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, "তুমি খং নকৰিবা।" ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।
ছহীহ (বুখাৰী)
“সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰিব, তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ'ব। আনহাতে যিয়ে পাৰ্থিৱ লাভৰ আশাত অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।"
ছহীহ [মুহাদ্দিছসকলৰ মাজৰ দুজন ইমাম আবু আব্দুল্লাহ মুহাম্মদ ইবনে ইছমাঈল ইবনে ইব্ৰাহীম ইবনে মুগীৰা ইবনে বাৰদিযবাহ আল-বুখাৰী আৰু আবুল হাছান মুছলিম ইবনে হাজ্জাজ ইবনে মুছলিম আল-কুশ্বায়ৰী আন-নিছাপুৰীয়ে নিজ নিজ ছহীহ গ্ৰন্থত উল্লিখিত হাদীছটো বৰ্ণনা কৰিছে। এই দুয়োখন গ্ৰন্থ (বুখাৰী আৰু মুছলিম) আটাইতকৈ ছহীহ বুলি বিবেচিত।]
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব। যেতিয়া সিহঁতে এইখিনি কাম কৰিব, তেতিয়াহে সিহঁতৰ তেজ, ধন-সম্পদ মোৰ ফালৰ পৰা সুৰক্ষিত থাকিব। কিন্তু ইছলামৰ বিধান অনুযায়ী যদি কোনো কাৰণত কিবা হয় তেন্তে সেয়া সুকীয়া বিষয়। আনহাতে সিহঁতৰ হিচাপ নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহে নিজৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ (পৰিবৰ্তে) চাদাক্বাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনচাফ কৰাও হৈছে চাদাক্বাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে চাদাক্বাহ, ভাল কথা কোৱাও হৈছে চাদাক্বাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে চাদাক্বাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।" তেখেতক সোধা হ'ল, হে আল্লাহৰ ৰাছুল! মৃত জন্তুৰ তেল সম্পৰ্কে আপোনাৰ মতামত কি? যিটো চৰ্বি মানুহে নাৱত মালিচ কৰে, চামৰাত লগায় আৰু বন্তি জ্বলায়? তেখেতে ক'লেঃ "নহয়, সেইটোও হাৰাম।" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহে ইয়াহুদীসকলক ধ্বংস কৰক, আল্লাহে যেতিয়া সিহঁতৰ ওপৰত মৃত জন্তুৰ চৰ্বি হাৰাম কৰিছিল তেতিয়া সিহঁতে সেইটোক দ্ৰৱীভূত কৰি বিক্ৰী কৰিছিল আৰু ইয়াৰ মূল্য ভক্ষণ কৰিছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})