Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 28 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”
হাছান (আহমদ)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম, আহমদ)
যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।
হাছান (আবু দাঊদ, আহমদ)
“নিশ্চয় সৱাতোকৈ নিকৃষ্ট লোক হৈছে সেইসকল, যিসকলৰ জীৱনকালত কিয়ামত সংঘটিত হ’ব আৰু যিসকলে কবৰসমূহক ছাজদাৰ ঠাই বনাই লৈছে।”
হাছান (আহমদ)
যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব, তেতিয়া বছৰ হ'ব মাহৰ দৰে, মাহ হ'ব সপ্তাহৰ দৰে, সপ্তাহ হ'ব দিনৰ দৰে, আৰু দিন হ'ব ঘণ্টাৰ দৰে, আৰু ঘন্টা হ'ব খেজুৰ গছৰ ঠাৰি এডালত থকা পাতবোৰ জ্বলি ছাই হ'বলৈ যিমান সময় লাগে সিমান।”
ছহীহ (আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল, তেখেতে সিহঁতৰ মাজৰ ৯ জনৰ বাইআত গ্ৰহণ কৰিলে আৰু এজনৰ নকৰিলে। এই দেখি তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! ন জনৰ পৰা আপুনি বাইআত গ্ৰহণ কৰিলে কিন্তু ইয়াক বাদ ৰাখিলে কিয়, তেখেতে ক'লেঃ "ই তাবিজ বান্ধি ৰাখিছে।" ইয়াৰ পিছত তেওঁ নিজ হাতেৰে সেয়া খুলি পেলালে আৰু তাৰ পিছত তেখেতে বাইআত গ্ৰহণ কৰিলে, আৰু ক'লেঃ "যিয়ে তাবিজ পিন্ধে সি শ্বিৰ্ক কৰে।"
হাছান (আহমদ)