Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
ছহীহ (বুখাৰী)
মই আম্মাৰ বিন ইয়াছিৰক দেখিলোঁ, তেওঁ মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়িলে। তেওঁ অতি চুটিকৈ নামাজ পঢ়ি শেষ কৰিলে। তেওঁ ওলাই অহাৰ পিছত, মই তেওঁৰ ওচৰলৈ গৈ সুধিলোঁঃ হে আবু য়াকজান! আপুনি দেখোন খুব চুটিকৈ নামাজ পঢ়িলে। তেওঁ উত্তৰত ক'লেঃ মই নামাজৰ কোনো অংশ হ্ৰাস কৰা তুমি দেখিছা নেকি? মই ক'লোঁঃ নহয়। তেওঁ ক'লেঃ মই চয়তানে পাহৰাই দিয়াৰ আগতেই শেষ কৰিছোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।"
হাছান (আহমদ)
মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবে কল্যাণকৰ।
ছহীহ (মুছলিম)
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।" ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছেঃ وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ} আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত কিবা বিচাৰিলোঁ, ফলত তেখেতে মোক সেইটো প্ৰদান কৰিলে। ইয়াৰ পিছত মই আকৌ বিচাৰিলোঁ, তেখেতে মোক পুনৰ প্ৰদান কৰিলে। ইয়াৰ পিছত তেখেতে মোক ক'লেঃ "হে হাকীম! এই ধন-সম্পদ হৈছে সেউজীয়া সুস্বাদু বস্তু। যিয়ে (লোভ নোহোৱাকৈ) প্ৰশস্ত অন্তৰে সেয়া গ্ৰহণ কৰে, তাৰ বাবে সেইটো হৈছে বৰকতময়। আনহাতে যিয়ে নিজকে প্ৰতাপশালী কৰিবলৈ তথা লোভ সহকাৰে গ্ৰহণ কৰে, তাৰ বাবে সেইটোত কোনো বৰকত নাই। তাৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে ভক্ষণ কৰে কিন্তু তাৰ ভোক নকমে। জানি থোৱা, তলৰ হাততকৈ ওপৰৰ হাত হৈছে উত্তম।" হাকীমে কৈছেঃ মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, আপোনাৰ পিছত মৃত্যু পৰ্যন্ত মই কাৰো ওচৰত কিবা বিচাৰি কাকো সামান্যতমো বিব্ৰত নকৰোঁ। ইয়াৰ পিছত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে (নিজৰ খিলাফত কালত) কেতিয়াবা হাকীমক অনুদান নিবলৈ মাতিছিল, কিন্তু তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱেও তেওঁক অনুদান গ্ৰহণ কৰিবলৈ মাতিছিল, কিন্তু তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই দেখি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ভাষণ প্ৰদান কৰি কৈছিলঃ হে মুছলিম সমাজ! জানি থওক, মই এই ফাই সম্পদৰ পৰা হাকীমক তেওঁৰ প্ৰাপ্য অংশ নিবলৈ মাতিছিলোঁ, তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। সঁচাই হাকীমে মৃত্যু পৰ্যন্ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত আন কাৰো ওচৰত কিবা বিচাৰি বিব্ৰত কৰা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল। তেতিয়া মই ক'লোঁঃ হে জিব্ৰীল! ইহঁত কোন? তেওঁ ক'লেঃ ইহঁত হৈছে সেইসকল লোক, যিসকলে মানুহৰ মাংস ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ সন্মান সম্ভ্ৰম হৰণ কৰিছিল।"
হাছান (আবু দাঊদ)
ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব। তেতিয়া এজন সম্বোধনকাৰীয়ে মাতি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! এই আহ্বান শুনি তেওঁলোকে মূৰ তুলি মনোযোগ সহকাৰে চাব। তেতিয়া আহ্বানকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, এওঁৱেইতো মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখা পাইছিল। ইয়াৰ পিছত সেই আহ্বানকাৰীয়ে মাতি ক'বঃ হে জাহান্নামৰ অধিবাসীসকল! তেতিয়া জাহান্নামৰ অধিবাসীসকলে মূৰ দাঙি সেইফালে মনোনিৱেশ কৰিব। তেতিয়া তেওঁ ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয়, এওঁ হৈছে মৃত্যু। সিহঁত সকলোৱে ইয়াক দেখি আহিছে। ইয়াৰ পিছত (সকলোৰে সন্মুখত) তাক জবেহ কৰা হ'ব। ইয়াৰ পিছত তেওঁ ক'বঃ হে জান্নাতৰ অধিবাসীসকল! (আজিৰ পৰা) তোমালোক চিৰস্থায়ী, তোমালোকৰ কোনো মৃত্যু নাই, আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও চিৰকাল ইয়াতেই থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। (এইখিনি কথা কোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) পাঠ কৰিলেঃ অৰ্থ- (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে। (ছুৰা মাৰয়ামঃ ৩৯) অৰ্থাৎ পৃথিৱীবাসী এতিয়া অমনোযোগী হৈ আছে, সিহঁতে ঈমান পোষণ নকৰে। (ছুৰা মাৰয়ামঃ ৩৯)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})