Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 98 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম, আহমদ)
"নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।"
ছহীহ (বুখাৰী)
“সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰিব, তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ'ব। আনহাতে যিয়ে পাৰ্থিৱ লাভৰ আশাত অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।"
ছহীহ [মুহাদ্দিছসকলৰ মাজৰ দুজন ইমাম আবু আব্দুল্লাহ মুহাম্মদ ইবনে ইছমাঈল ইবনে ইব্ৰাহীম ইবনে মুগীৰা ইবনে বাৰদিযবাহ আল-বুখাৰী আৰু আবুল হাছান মুছলিম ইবনে হাজ্জাজ ইবনে মুছলিম আল-কুশ্বায়ৰী আন-নিছাপুৰীয়ে নিজ নিজ ছহীহ গ্ৰন্থত উল্লিখিত হাদীছটো বৰ্ণনা কৰিছে। এই দুয়োখন গ্ৰন্থ (বুখাৰী আৰু মুছলিম) আটাইতকৈ ছহীহ বুলি বিবেচিত।]
"তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।"
ছহীহ (মুছলিম)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
ছহীহ (মুছলিম)
"তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।"
ছহীহ হাকিম আৰু বাইহাক্বীয়ে বৰ্ণনা কৰিছে।
"নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা। কিয়নো বনী ইছৰাঈলৰ প্ৰথম ফিতনা আছিল নাৰীৰ ফিতনা।"
ছহীহ (মুছলিম)
মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})