Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 98 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে। গতিকে যিটো তোমাৰ কাৰণে উপকাৰী সেইটোৰ আশা কৰিবা। আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, মনোবল নেহেৰুৱাবা। এইদৰে যদি তোমাৰ ওপৰত কোনো বিপদ আহে তেন্তে এইটো নক'বা যে, যদি মই এইটো কৰিলোহেঁতেন তেন্তে এইটো নহ'লহেঁতেন। বৰং তুমি কোৱা, قَدَرُ اللهِ وَمَا شَاءَ فَعَلَ এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। কাৰণ (যদি) শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে।"
ছহীহ (মুছলিম)
"মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই? তেতিয়া তেওঁ ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা দিব বিচাৰোঁ। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! ইয়াতকৈ উত্তম আৰুনো কি হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মই মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত অৰ্পণ কৰিলোঁ, ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনোবাই যদি মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে তেন্তে মই কি কৰা উচিত? তেখেতে ক'লেঃ "তুমি তাক তোমাৰ সম্পদ নিদিবলৈ চেষ্টা কৰিবা।" ব্যক্তিজনে ক'লেঃ সি যদি মোক মাৰধৰ কৰে? তেখেত ক'লেঃ "তেন্তে তুমিও মাৰধৰ কৰিবা"। তেওঁ ক'লেঃ সি যদি মোক মাৰি পেলায়? তেখেতে ক'লেঃ "তেন্তে তুমি শ্বহীদ হিচাপে গণ্য হ'বা"। তেওঁ ক'লেঃ আৰু যদি সি মোৰ হাতত নিহত হয়? তেখেতে ক'লেঃ "তেন্তে সি জাহান্নামত নিক্ষিপ্ত হ'ব।"
ছহীহ (মুছলিম)
"চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?" তেওঁ ক'লে: একো কৰা নাই, কিন্তু এইটো নিশ্চিত যে, আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰোঁ। তেখেতে ক'লেঃ "তুমি তেওঁৰেই সংগ লাভ কৰিবা যাক তুমি ভালপোৱা।" আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আমি বেলেগ কোনো বস্তুৰ দ্বাৰা ইমান আনন্দিত হোৱা নাছিলোঁ, যিমান আনন্দিত আৰু সন্তুষ্ট হৈছোঁ তেখেতৰ এই কথাৰ দ্বাৰা যে, তুমি তেওঁৰ সৈতেই থকাৰ সৌভাগ্য লাভ কৰিবা, যাক তুমি ভালপোৱা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভাল পাওঁ, এইদৰে আবু বকৰ, ওমৰকো ভাল পাওঁ, আৰু মই আশা কৰোঁ মোৰ এই ভালপোৱাৰ কাৰণে মই তেওঁলোকৰ লগত থকাৰ সৌভাগ্য লাভ কৰিম, যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"
ছহীহ (মুছলিম)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম)
"জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে। তেওঁলোকে তাত প্ৰস্ৰাৱো নকৰিব আৰু পায়খানাও নকৰিব। তেওঁলোকে থু খেঁকাৰো নেপেলাব আৰু নাকৰ পৰা ময়লা পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণেৰে নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীত ব্যৱহাৰ কৰা হ'ব চন্দন কাঠৰ খৰি। ডাঙৰ চকুবিশিষ্টা হূৰসকলৰ হ'ব তেওঁলোকৰ স্ত্ৰী। তাত তেওঁলোকৰ আকৃতি হ'ব একেই ধৰণৰ। সকলোৰে আকৃতি হ'ব তেওঁলোকৰ আদি পিতা আদমৰ দৰে। উচ্চতাত তেওঁলোকৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})