Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 98 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে। গুনাহ প্ৰকাশ কৰা অৰ্থাৎ কোনো ব্যক্তিয়ে ৰাতিত কোনো এটা গুনাহৰ কাম কৰে, যিটোক আল্লাহে গোপন কৰি ৰাখে, কিন্তু সি ৰাতিপুৱা মানুহৰ মাজত গাই ফুৰে যে, হে অমুক! মই যোৱা ৰাতি এই এই কাম কৰিছোঁ। অথচ সি ৰাতিত যিটো পাপ কৰ্ম কৰিছে, সেইটোক আল্লাহে গোপন কৰি ৰাখিছিল। কিন্তু সি ৰাতিপুৱা উঠি আল্লাহে আঁৰি থোৱা পৰ্দাক উন্মুক্ত কৰি দিয়ে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।"
ছহীহ (মুছলিম)
"মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।" আবু হুৰাইৰাই কৈছেঃ তোমালোকে ইয়াৰ প্ৰমাণস্বৰূপে এই আয়াত পাঠ কৰিব পাৰাঃ অৰ্থঃ এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে। (ছুৰা আচ-ছাজদাহঃ ১৭)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, ঠিক সেই সময়তে কিবা পৰি যোৱাৰ এটা বিকট শব্দ শুনা পালোঁ। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে জানানে এইটো কিহৰ শব্দ?" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ "এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।"
ছহীহ (মুছলিম)
“তোমালোকে (পাৰ্থিৱ বিষয়ত) তোমালোকতকৈ নিম্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰিবা, তোমালোকতকৈ উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফালে নহয়। এইটো কৰিলে বেছি উপযুক্ত যে, আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰ তোমালোকৰ দৃষ্টিত নগণ্য বুলি গণ্য নহ'ব।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পৃথিৱী হৈছে মুমিনসকলৰ বাবে কাৰাগাৰ স্বৰূপ, আৰু কাফিৰসকলৰ বাবে জান্নাত স্বৰূপ।"
ছহীহ (মুছলিম)
"জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})