Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 12 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তোমাৰ গুনাহ যদি আকাশলংঘী হয়, ইয়াৰ পিছতো যদি তুমি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তেন্তে মই তোমাক ক্ষমা কৰি দিম। মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তুমি যদি পৃথিৱীৰ সমান গুনাহ লৈ মোৰ ওচৰত এনেকুৱা অৱস্থাত উপস্থিত হোৱা যে, তুমি মোৰ সৈতে কাকো অংশীদাৰ স্থাপন কৰা নাই তেন্তে মই তোমাক সেই পৃথিৱীৰ সমানেই ক্ষমা দান কৰিম।"
হাছান (তিৰমিজী)
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
হাছান লিগাইৰিহি। (তিৰমিজী, আহমদ)
মই আম্মাৰ বিন ইয়াছিৰক দেখিলোঁ, তেওঁ মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়িলে। তেওঁ অতি চুটিকৈ নামাজ পঢ়ি শেষ কৰিলে। তেওঁ ওলাই অহাৰ পিছত, মই তেওঁৰ ওচৰলৈ গৈ সুধিলোঁঃ হে আবু য়াকজান! আপুনি দেখোন খুব চুটিকৈ নামাজ পঢ়িলে। তেওঁ উত্তৰত ক'লেঃ মই নামাজৰ কোনো অংশ হ্ৰাস কৰা তুমি দেখিছা নেকি? মই ক'লোঁঃ নহয়। তেওঁ ক'লেঃ মই চয়তানে পাহৰাই দিয়াৰ আগতেই শেষ কৰিছোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।"
হাছান (আহমদ)
"মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল। তেতিয়া মই ক'লোঁঃ হে জিব্ৰীল! ইহঁত কোন? তেওঁ ক'লেঃ ইহঁত হৈছে সেইসকল লোক, যিসকলে মানুহৰ মাংস ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ সন্মান সম্ভ্ৰম হৰণ কৰিছিল।"
হাছান (আবু দাঊদ)
"তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
হাছান তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
"সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
"তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।"
হাছান (তিৰমিজী, ইবনে মাজাহ)