Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
ছহীহ (মুছলিম)
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
ছহীহ (মুছলিম)
"তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'বঃ এতিয়াৰ পৰা তোমালোকে সদায় সু-স্বাস্থ্যৱান হৈ থাকিবা, তোমালোকক কেতিয়াও বেমাৰ-আজাৰে স্পৰ্শ নকৰিব। তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, তোমালোকৰ কেতিয়াও মৃত্যু নহ'ব। তোমালোকে সদায় যৌৱন অৱস্থাত থাকিবা, কেতিয়াও বৃদ্ধা অৱস্থাত উপনীত নহ'বা। তোমালোকে নিৰৱচ্ছিন্ন সুখ শান্তিত থাকিবা, কেতিয়াও অভাৱ অনাটনে তোমালোকক স্পৰ্শ নকৰিব।" সৰ্বশক্তিমান আল্লাহে এই কথাষাৰকে এই আয়াতত কৈছেঃ "তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।" (ছুৰা আল-আৰাফঃ ৪৩)
ছহীহ (মুছলিম)
"বেমাৰ-আজাৰৰ সংক্ৰমণ, কুলক্ষণ, ফেঁচা আৰু ছফৰ মাহ আদিৰ মাজত কোনো অনিষ্টতা নাই। কুষ্ঠ ৰোগীৰ পৰা আঁতৰি থাকিবা, যিদৰে সিংহৰ পৰা আঁতৰি থাকা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।"
ছহীহ (মুছলিম)
"সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে। সুগন্ধি বিক্ৰেতাই হয়তো আপোনাক আতৰ উপহাৰ হিচাপে দিব, নহ'লে আপুনি তাৰ পৰা কিনি ল'ব, নাইবা আপুনি তাৰ ওচৰত থাকিলে ভাল সুগন্ধি পাই থাকিব। আনহাতে ভাটিত ফুঁ দিয়া কমাৰৰ ওচৰত বহিলে হয়তো ফিৰিঙতিয়ে আপোনাৰ কাপোৰ পুৰি দিব নাইবা আপুনি বেয়া গোন্ধ পাই থাকিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়। তেওঁ (নিজৰ ইচ্ছা মতে) ন্যায়ৰ তুলাচনী উত্তোলন কৰে আৰু নমায়। দিনৰ আমলৰ আগতে তেওঁৰ ওচৰত ৰাতিৰ আমল উপস্থাপন কৰা হয়, এইদৰে ৰাতিৰ আমলৰ আগতে দিনৰ আমল তেওঁৰ ওচৰত উপস্থাপন কৰা হয়। তেওঁৰ পৰ্দা হৈছে নূৰ, বেলেগ এটা বৰ্ণনাত আছে যে, জুই। যদি তেওঁ সেই পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ জ্যোতিৰে তেওঁৰ দৃষ্টি যিমান পৰ্যন্ত যায় সেই সকলো মখলুক্ব পুৰি ছাৰখাৰ হৈ যাব।"
ছহীহ (মুছলিম)