Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব। সিহঁতৰ মূৰ হ'ব উটৰ হালি পৰা কুঁজৰ দৰে। সেইসকল নাৰীয়ে কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব। আনকি জান্নাতৰ সুগন্ধিও নাপাব, অথচ জান্নাতৰ সুগন্ধি ইমান ইমান দূৰৰ পৰা পোৱা যায়।"
ছহীহ (মুছলিম)
"আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।
ছহীহ (মুছলিম)
“সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু মানুহে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে। এতেকে যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে হিজৰত কৰিছে, তাৰ হিজৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালেই হৈছে, আৰু যাৰ হিজৰত পৃথিৱী (পাৰ্থিৱ বস্তু) আহৰণ কৰাৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ বাবে হৈছে, তাৰ হিজৰত সেইমতেই বিবেচিত হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।” আনহাতে বুখাৰীৰ বাক্যত আছেঃ “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।"
ছহীহ (মুছলিম)
নিশ্চয় মহান আল্লাহ হৈছে পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহে মুমিনসকলক কেৱল সেই কাম কৰিবলৈ আদেশ দিছে, যিটো কৰাৰ আদেশ তেওঁ ৰাছুলসকলক দিছিল। এতেকে মহান আল্লাহে কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) তেওঁ আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) এইখিনি কোৱাৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনেকুৱা এজন ব্যক্তিৰ কথা উল্লেখ কৰিছে, যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাই আহিছে, যাৰ চুলিবোৰ অপৰিপাটি হৈ আছে তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! (মোক ইটো দিয়া, মোক সিটো দিয়া) অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!?
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ পঢ়ি তেওঁৰ ওচৰৰ পৰা ওলাই গ'ল। সেই সময়ত তেওঁ নামাজৰ স্থানত বহি আছিল। তেখেতে চাশ্তৰ সময়ত ঘূৰি আহি দেখিলে যে, তেওঁ সেই স্থানতে বহি আছে। তেতিয়া তেখেতে ক'লেঃ "মই তোমাক যি অৱস্থাত এৰি থৈ গৈছিলোঁ, তুমি সেই অৱস্থাতে আছা দেখোন?" তেওঁ ক'লেঃ হয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই তোমাৰ ইয়াৰ পৰা যোৱাৰ পিছত এনেকুৱা চাৰিটা বাক্য তিনিবাৰ পাঠ কৰিছোঁ, আজি তুমি এই পৰ্যন্ত যি যি পাঠ কৰিছা, সেইবোৰক যদি এইবোৰ বাক্যৰ দ্বাৰা ওজন কৰা হয়, তেন্তে এই চাৰিটা বাক্যৰ পাল্লা বেছি ভাৰী হ'ব। সেই বাক্য কেইটা হৈছেঃ ছুবহানাল্লাহি অবিহামদিহি, আদাদা খালক্বিহি, অৰিজা নাফছিহি, অঝিনাতা আৰশ্বিহি, অমিদা-দা কালিমা-তিহ।"
ছহীহ (মুছলিম)