Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 2 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই চাকতি ব্যৱহাৰ কৰি হাতত যি কষ্ট পাইছিল সেই সম্পৰ্কীয় এটা অভিযোগ লৈ তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁ সংবাদ পাইছিল যে, তেখেতৰ ওচৰলৈ কিছুমান দাস আহিছে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। তেতিয়া তেওঁ বিষয়টো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাই গ'ল। যেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক বিষয়টো জনালে। আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই কথা শুনি তেখেত আমাৰ ঘৰলৈ আহিল, সেই সময়ত আমি বিছনাত শুবলৈ গৈছিলোঁ। তেখেতক দেখি আমি উঠিবলৈ ধৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "নিজৰ নিজৰ ঠাইতে থাকা।" ইয়াৰ পিছত তেখেত আহি মোৰ আৰু ফাতিমাৰ মাজত বহিলে। আনকি মই তেখেতৰ দুয়ো ভৰিৰ শীতলতা মোৰ পেটত অনুভৱ কৰিছিলোঁ। তেখেতে ক'লেঃ "তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।"
ছহীহ (মুছলিম)