Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 53 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
"তোমালোকে ইয়াহুদী আৰু নাচাৰাসকলক প্ৰথমে ছালাম নকৰিবা। ৰাস্তাত যদি সিহঁতৰ মাজৰ কাৰোবাৰ সৈতে তোমালোকৰ সাক্ষাৎ হয় তেন্তে তাক সংকীৰ্ণ পথেৰে যাবলৈ বাধ্য কৰিবা।"
ছহীহ (মুছলিম)
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সৰ্বশক্তিমান আল্লাহে কৈছেঃ আদম সন্তানে সময়ক গালি পাৰি মোক কষ্ট দিয়ে, অথচ ময়ে সময় (ৰ পৰিচালক)। মোৰ হাততেই সকলো ক্ষমতা, ৰাতি আৰু দিন ময়ে পৰিবৰ্তন কৰোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে।” প্রশ্ন কৰা হ'ল, মই আলোচনা কৰা বিষয়টো যদি সঁচাকৈয়ে তাৰ মাজত থাকে (তথাপিও সেইটো গীবত হ'বনে)? উত্তৰত তেখেতে ক'লে: “তুমি তাৰ বিষয়ে যি আলোচনা কৰিছা সেইটো যদি তাৰ মাজত থাকে তেনেহ'লে তুমি তাৰ গীবত কৰিলা। আনহাতে যদি সেইটো তাৰ মাজত নাথাকে তেনেহ'লে তুমি তাৰ প্রতি অপবাদ আৰোপ কৰিলা।”
ছহীহ (মুছলিম)
মই বালক অৱস্থাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তত্ত্বাৱধানত আছিলোঁ। খোৱাৰ সময়ত মোৰ হাত প্লেটৰ মাজত দৌৰি ফুৰিছিল, অৰ্থাৎ মই কেতিয়াবা প্লেটৰ ইফালৰ পৰা কিবা লৈছিলোঁ আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিলোঁ। এই দেখি তেখেতে মোক ক'লেঃ "হে বালক! প্ৰথমে বিছমিল্লাহ কোৱা, আৰু সোঁ হাতেৰে খোৱা, লগতে নিজৰ ওচৰৰ পৰা খোৱা।" ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})