Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 32 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"শপতৰ জৰিয়তে ব্যৱসায়িক পণ্য নিশ্চয় বিক্ৰী হয়, কিন্তু ইয়াৰ ফলত বৰকত শেষ হৈ যায়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে সেইসকল লোকৰ আৱাসস্থলত প্ৰৱেশ নকৰিবা, যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে। কিন্তু যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দোনৰত অৱস্থাত প্ৰৱেশ কৰিবা। এই সতৰ্কতা অৱলম্বন কৰি যে, সিহঁতৰ প্ৰতি যি বিপদ আহিছিল, সেইটো যাতে তোমালোকৰ ওপৰতো নাহে।" ইয়াৰ পিছত তেখেতে নিজৰ বাহনক ধমক প্ৰদান কৰি দ্ৰুতগতিত খেদি সেই অঞ্চল অতিক্ৰম কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন বেদুইন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ “মোক এনেকুৱা আমলৰ নিৰ্দেশনা দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পৰিম।” তেতিয়া তেখেতে ক'লে: "আল্লাহৰ ইবাদত কৰিবা, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, পাঁচ ওৱাক্ত ফৰজ চালাত (নামাজ) নিয়মিত পালন কৰিবা, ফৰজ জাকাত আদায় কৰিবা আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" সেই ব্যক্তিজনে ক’লে, সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াতকৈ মই একো বেছি নকৰোঁ। যেতিয়া সেই ব্যক্তিজন উভতি গ'ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: "যিয়ে কোনো জান্নাতী ব্যক্তিক চাব বিচাৰে তেওঁ ইয়াক চোৱা উচিত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে ইয়াহুদী আৰু নাচাৰাসকলক প্ৰথমে ছালাম নকৰিবা। ৰাস্তাত যদি সিহঁতৰ মাজৰ কাৰোবাৰ সৈতে তোমালোকৰ সাক্ষাৎ হয় তেন্তে তাক সংকীৰ্ণ পথেৰে যাবলৈ বাধ্য কৰিবা।"
ছহীহ (মুছলিম)
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})