Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 48 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে, আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে, এইদৰে যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ (মুছলিম)
"প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।"
ছহীহ (মুছলিম)
চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মোৰ ওচৰলৈ এজনী মহিলা দুটি কন্যা শিশু কোলাতলৈ আহি কিবা খোৱা বস্তু বিচাৰিলে। মোৰ ওচৰত এটা খেজুৰ বাদে একো নাছিল। মই সেইটোৱে তাইক দি দিলোঁ। মহিলাজনীয়ে খেজুৰটো ফালি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইয়াৰ পিছতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে। মই সেই ঘটনাটো বিৱৰি ক'লোঁ। তেখেতে ক'লেঃ "যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা। কাৰো দোষ অনুসন্ধান নকৰিবা আৰু কাৰো ত্ৰুটি অনুসন্ধান কৰিবলৈ গুপ্তচৰগিৰি নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, সম্পৰ্কচ্ছেদ নকৰিবা, ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ নকৰিবা, বৰং তোমালোক আটায়ে আল্লাহৰ বান্দা হিচাপে ভাতৃবন্ধত আৱদ্ধ হৈ যোৱা।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})