Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 11 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
"যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।"
ছহীহ (নাছায়ী ফিল কুবৰা)
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময়ত তেখেতৰ সাধাৰণ অচিয়ত আছিল এই যে, "নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।" অৱশেষত তেখেতৰ শ্বাসকষ্ট আৰম্ভ হৈছিল, আৰু বাৰে বাৰে এই কথা কৈ আছিল, এটা সময়ত তেখেতৰ জিভা গোট খাই যোৱাৰ উপক্ৰম হৈছিল।"
ছহীহ رواه النسائي في السنن الكبرى وابن ماجه
"মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।