Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 29 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
তেওঁৰ মা আমৰা বিন্তু ৰাৱাহা তেওঁৰ পিতৃৰ ওচৰত নিজৰ পুত্ৰৰ বাবে কিছু পৰিমাণ সম্পদ হিবা কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু তেওঁ এবছৰলৈকে বিষয়টোক আওকাণ কৰিলে। ইয়াৰ পিছত তেওঁ দিবলৈ মনস্থ কৰিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মোৰ পুত্ৰক যিখিনি সম্পদ হিবা কৰিব, এই ক্ষেত্ৰত আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নৰখালৈকে মই সন্তুষ্ট নহওঁ। তেতিয়া মোৰ পিতৃয়ে মোৰ হাতত ধৰি মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আহিল, সেই সময়ত মই শিশু আছিলোঁ। তেওঁ উপস্থিত হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ মাকৰ ইচ্ছা যে, মই ইয়াক যি হিবা কৰিছোঁ সেই ক্ষেত্ৰত যাতে মই আপোনাক সাক্ষী কৰি লওঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে বাশ্বীৰ! ইয়াৰ বাহিৰেও তোমাৰ কোনো পুত্ৰ আছে নেকি?" তেওঁ ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তুমি সকলোকে এইদৰে হিবা কৰিছানে?" তেওঁ ক'লেঃ নহয়। তেখেতে ক'লেঃ "তেতিয়াহ'লে মোক সাক্ষী নকৰিবা। কাৰণ অন্যায়ৰ ক্ষেত্ৰত মই সাক্ষী নহওঁ।" মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "মোৰ বাহিৰে বেলেগ কাৰোবাক সাক্ষী কৰি লোৱাগৈ।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে আৰু ইয়াৰ বৰ্ণনাটো ভিন ভিন শব্দত বৰ্ণিত হৈছে।
তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক অভিসম্পাত কৰিছে, যিসকলে কৃত্ৰিম চুলি ব্যৱহাৰ কৰে, আৰু যিসকলে কৃত্ৰিম চুলি সংস্থাপন কৰি দিয়ে, এইদৰে যিয়ে নিজৰ শৰীৰত উল্কি (টেটু) বনায় লয়, আৰু যিয়ে উল্কি (টেটু) আঁকে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?" তেওঁলোকে ক'লেঃ হয় নিশ্চয় জনাওক। তেখেতে ক'লেঃ "পৰস্পৰৰ মাজত মীমাংসা কৰা, কাৰণ পৰস্পৰৰ মাজত কাজিয়া লগোৱাটো হৈছে ধ্বংসৰ কাৰণ।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
"স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে। ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা কোনো ৰোজা নাই। এইদৰে ফজৰৰ পিছত সূৰ্যোদয় নোহোৱালৈকে আৰু আচৰৰ পিছত সূৰ্যাস্ত নোহোৱালৈকে কোনো নফল নামাজ নাই। এইদৰে তিনিটা মছজিদৰ বাহিৰে বেলেগ কোনো মছজিদলৈ ভ্ৰমণ কৰা উচিত নহয়। সেয়া হৈছেঃ মছজিদে হাৰাম, মছজিদে আকচা আৰু মোৰ এই মছজিদ (অৰ্থাৎ মছজিদে নবৱী)।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।
ছহীহ (বুখাৰী)
"তোমালোকে নাৰীসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকা।" এজন আনচাৰী ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! দেৱৰ সম্পৰ্কে আপোনাৰ অভিমত কি? তেখেতে ক'লেঃ "দেৱৰ হৈছে মৃত্যু সমতুল্য"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})