Skip to content

যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।

জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।

«مَنْ لَا يَرْحَمِ النَّاسَ لَا يَرْحَمْهُ اللهُ عَزَّ وَجَلَّ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে মানুহৰ প্রতি দয়া নকৰে, মহান আল্লাহেও তাৰ প্রতি দয়া নকৰে। গতিকে সৃষ্টিক মুহাব্বত কৰাটো হৈছে মহান আল্লাহৰ পৰা ৰহমত লাভ কৰাৰ অন্যতম ডাঙৰ উপায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সকলো মাখলুকৰ প্ৰতিয়ে দয়া দৃষ্টি পোষণ কৰাটো হৈছে বাঞ্চনীয়। কিন্তু ইয়াত মানুহৰ কথাটো অধিক গুৰুত্ব বুজাবলৈ উল্লেখ কৰা হৈছে।

আল্লাহ অত্যন্ত দয়ালু, তেওঁ অনুগ্ৰহশীল বান্দাসকলৰ প্ৰতি ৰহম কৰে। কাৰণ তেওঁ সমজাতীয় কৰ্মৰ দ্বাৰাই প্ৰতিফল দিয়ে।

মানুহৰ প্ৰতি দয়া কৰা মানে সিহঁতক উপকাৰ কৰা, আৰু ক্ষতিৰ পৰা ৰক্ষা কৰা, লগতে সিহঁতৰ সৈতে সদাচৰণ কৰা।

সম্পাদক

ছহীহ বুখাৰী (8/ 10) (6013).

ছহীহ মুছলিম (4/ 1809) (2319).

অধিক (5)

شرح رياض الصالحين.

لابن عثيمين (2/ 553).

نزهة المتقين شرح رياض الصالحين (1/ 247).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 319).