মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَسِيرُ فِي طَرِيقِ مَكَّةَ، فَمَرَّ عَلَى جَبَلٍ يُقَالُ لَهُ جُمْدَانُ، فَقَالَ: «سِيرُوا هَذَا جُمْدَانُ، سَبَقَ الْمُفَرِّدُونَ» قَالُوا: وَمَا الْمُفَرِّدُونَ يَا رَسُولَ اللهِ؟ قَالَ: «الذَّاكِرُونَ اللهَ كَثِيرًا وَالذَّاكِرَاتُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলৰ মৰ্যাদা বৰ্ণনা কৰিছে যে, তেওঁলোকে বেলেগৰ পৰা পৃথক হৈ জান্নাতত সুউচ্চ মৰ্যাদা অৰ্জনৰ ক্ষেত্ৰত অগ্ৰগামী হৈছে। তেখেতে এই বিষয়টোক জুমদান পাহাৰৰ সৈতে ৰিজাইছে, অৰ্থাৎ যিদৰে জুমদান পাহাৰ অন্যান্য পাহাৰতকৈ বেলেগ, ঠিক সেইদৰে জিকৰ-আজকাৰকাৰী লোকসকলো মৰ্যাদাৰ ক্ষেত্ৰত বেলেগ।
বেছি বেছি জিকৰ-আজকাৰত ব্যস্ত থকা মুস্তাহাব। কাৰণ আখিৰাতত অগ্ৰগামী হ'বলৈ হ'লে বেছি বেছি নেক আমল কৰিব লাগিব, আৰু নিষ্ঠা সহকাৰে নিৰ্ভেজালভাৱে ইবাদত কৰিব লাগিব।
আল্লাহৰ স্মৰণ কেৱল মৌখিকভাৱেও হ'ব পাৰে, অথবা কেৱল আন্তৰিকভাৱেও হ'ব পাৰে, নাইবা মৌখিক আৰু আন্তৰিকভাৱে একেলগে হ'ব পাৰে, আনকি এইটোৱে সৰ্বোচ্চ ধাপ।
চৰীয়ত সন্মত জিকৰ-আজকাৰবোৰ নিৰ্ধাৰিত তথা সীমাবদ্ধ। যেনে- পুৱা গধূলি পঢ়িবলগীয়া আজকাৰসমূহ, ফৰজ নামাজৰ পিছত পঢ়িবলগীয়া দুআসমূহ, ইত্যাদি।
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ জানি থোৱা! জিকৰ-আজকাৰৰ ফজিলত কেৱল তাছবীহ তাহলীল তাহমীদ আৰু তাকবীৰৰ মাজতেই সীমাবদ্ধ নহয়। বৰং আল্লাহৰ আনুগত্য কৰা প্ৰতিটো আমলকাৰীয়ে হৈছে আল্লাহক স্মৰণকাৰী।
জিকৰ-আজকাৰ হৈছে দ্বীনৰ ওপৰত অটল তথা অবিচল থকাৰ অন্যতম এটা ডাঙৰ উপায়। যেনে- মহান আল্লাহে কৈছেঃ (يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا لَقِيتُمْ فِئَةً فَاثْبُتُوا وَاذْكُرُوا اللَّهَ كَثِيرًا لَّعَلَّكُمْ تُفْلِحُونَ) হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা। (ছুৰা আনফালঃ ৪৫)
জিকৰ-আজকাৰকাৰী আৰু জুমদান পৰ্বতৰ মাজত সাদৃশ্য দিয়াৰ কাৰণ হৈছে, দুয়োটাই অকলশৰীয়া তথা পৃথক। জুমদান পৰ্বত যিদৰে অন্যান্য পৰ্বতৰ পৰা পৃথক, ঠিক সেইদৰে আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলো অন্যান্য লোকৰ পৰা পৃথক, কাৰণ তেওঁলোকে মানুহৰ মাজত অৱস্থান কৰিলেও তেওঁলোকৰ অন্তৰ আৰু জিভা সদায় জিকৰ-আজকাৰত ব্যস্ত থাকে। তেওঁলোকে নিৰ্জনতাক বেছি ভাল পায় আৰু মানুহৰ সৈতে বহি সময় নষ্ট কৰাক বৰ ভয় পায়। এই সাদৃশ্যতাৰ এইটোও এটা কাৰণ হ'ব পাৰে যে, জিকৰ-আজকাৰ হৈছে দ্বীনৰ ওপৰত অটল থকাৰ উপায়, যিদৰে পৰ্বত হৈছে পৃথিৱীক স্থিৰ ৰখাৰ উপায়। অথবা ইয়াৰ দ্বাৰা পৃথিৱী আৰু আখিৰাতত কল্যাণৰ ক্ষেত্ৰত অগ্ৰগামী হোৱাক বুজোৱা হৈছে, যিদৰে মদীনাৰ পৰা মক্কালৈ অহা ভ্ৰমণকাৰীয়ে জুমদান পৰ্বত পালে মক্কা পাইছে বুলি ভাবে, গতিকে তেওঁলোকৰ পূৰ্বে যিসকলে আহি এই স্থান পাইছে তেওঁলোকে অগ্ৰগামী হৈছে। ঠিক সেইদৰে আল্লাহৰ জিকৰ-আজকাৰ কৰা লোকসকলো অগ্ৰগামী অন্যান্য লোকসকলতকৈ। আল্লাহেই সৰ্বজ্ঞ।
ছহীহ মুছলিম (4/ 2062) (2676).
অধিক (8)
نزهة المتقين.
لمجموعة من الباحثين (2/ 983).
تيسير الكريم الرحمن في تفسير كلام المنان.
لابن سعدي (ص665).
بهجة الناظرين.
لسليم الهلالي (2/ 510).
شرح رياض الصالحين.
لابن عثيمين (5/ 516).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"سبق المفرِّدون" قالوا: وما المفردون يا رسول الله! قال: "الذاكرون الله كثيراً والذاكرات".
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحعن أبي هريرة رضي الله عنه قال: كان رسول الله صلى الله عليه وسلم يسير في طريق مكة، فمرّ على جبل يقال له: جمدان، فقال: “سيروا هذا جمدان، سبق المفردون”.
- رسالة في الأذكار1«سَبَقَ المُفَرِّدُونَ». قالوا: وما المفرِّدون يا رسولَ الله؟ قال: «الذَّاكِرُونَ اللهَ كَثِيرًا وَالذَّاكِرَاتُ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«سَبَقَ المُفَرِّدُونَ» قالوا: وَمَا المُفَرِّدُونَ يا رَسُولَ الله؟ قَالَ: «الذَّاكرونَ اللهَ كثيراً والذَّاكراتُ».
- نبراس طالب (1)1«سَبَقَ الْمُفَرِّدُونَ» قَالُوا: وَمَا الْمُفَرِّدُونَ يَا رَسُولَ اللهِ؟ قَالَ: «الذَّاكِرُونَ اللهَ كَثِيرًا وَالذَّاكِرَاتُ»