মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।"
«مَا يَزَالُ البَلاَءُ بِالمُؤْمِنِ وَالمُؤْمِنَةِ فِي نَفْسِهِ وَوَلَدِهِ وَمَالِهِ حَتَّى يَلْقَى اللَّهَ وَمَا عَلَيْهِ خَطِيئَةٌ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বিপদ-আপদ তথা পৰীক্ষা কেতিয়াও মুমিন মুুমিনাৰ লগ নেৰে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা সন্তান-সন্ততিৰ বেমাৰ-আজাৰে হওক নাইবা মৃত্যু অথবা অবাধ্যতা আদিয়ে হওক। এইদৰে ধন-সম্পদৰ ক্ষেত্ৰত, যেনে- অভাৱ-অনাটন, ব্যৱসায়ত লোকচান, সা-সম্পত্তিৰ চুৰি, জীৱিকাৰ সংকীৰ্ণতা আদি। এইবোৰ কষ্টৰ দ্বাৰা আল্লাহে বান্দাৰ গুনাহ ক্ষমা কৰে। অৱশেত তেওঁ আল্লাহৰ ওচৰত এনেকুৱা অৱস্থাত গৈ উপস্থিত হয় যে, তেওঁ কৰা সকলো গুনাহ মোচন হৈছে।
মুমিন বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ যে, তেওঁ বান্দাসকলৰ দুনিয়াৱী বিপদ-আপদ তথা কষ্টৰ দ্বাৰা তেওঁলোকৰ গুনাহ ক্ষমা কৰে।
ঈমানৰ চৰ্তৰ সৈতে কেৱল বিপদ-আপদৰ দ্বাৰাই গুনাহ মোচন হয়। যদিহে বান্দাই ধৈৰ্য্য ধাৰণ কৰে আৰু প্ৰতিদানৰ প্ৰতি অসন্তুষ্ট নহয়।
সকলো ক্ষেত্ৰতে ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে। বিষয়টো পছন্দনীয় হওক বা অপছন্দনীয়। আল্লাহে ওৱাজিব কৰা বিষয় পালনত ধৈৰ্য্য ধৰিব লাগে, এইদৰে আল্লাহে হাৰাম কৰা বিষয়ৰ পৰা বিৰত থকাৰ ক্ষেত্ৰতো ধৈৰ্য্য ধাৰণ কৰিব লাগে। লগতে আল্লাহৰ ওচৰত ছোৱাব কামনা কৰিব লাগে আৰু তেওঁৰ শাস্তিক ভয় কৰিব লাগে।
হাদীছটোত "মুমিন আৰু মুমিনা" উভয় শব্দ ব্যৱহাৰ কৰি গুৰুত্ব প্ৰদান কৰা হৈছে, যদিও কেৱল মুমিন শব্দ ব্যৱহাৰ কৰিলেই যথেষ্ট আছিল। কিন্তু গুৰুত্ব বুজাবলৈ নাৰী পুৰুষ উভয়ৰ বাবে শব্দ ব্যৱহাৰ কৰিছে। গতিকে নাৰীৰ ওপৰত অহা বিপদ-আপদেও তেওঁলোকৰ গুনাহ মোচন কৰে।
যিটো বস্তুৱে সময়ে সময়ে অহা বান্দাৰ মুচিবতক সহজ কৰি তোলে, সেয়া হৈছে এইবোৰ মুচিবতৰ বিনিময়ত পাবলগীয়া ছোৱাব।
ছুনান তিৰমিজী (4/ 204) (2399).
মুছনাদ আহমদ (13/ 248) (7859).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 113).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص51).
شرح رياض الصالحين.
لابن عثيمين (1/ 273).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 80).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- فتاوى المرضىفتاوى المرضى «ما يزال البلاء بالمؤمن والمؤمنة في نفسه وولده وماله حتى يلقى الله وما عليه خطيئة»
- فتاوى المرضىفتاوى المرضى «ما يزال البلاء بالمؤمن والمؤمنة في نفسه وولده وماله حتى يلقى الله وما عليه خطيئة»
- فتاوى المرضىفتاوى المرضى «ما يزال البلاء بالمؤمن والمؤمنة في نفسه وولده وماله حتى يلقى الله وما عليه خطيئة»
- موسوعة الإيمان«مَا يَزَالُ البَلَاءُ بِالمؤْمِنِ وَالمؤْمِنَةِ فِي نَفْسِهِ وَوَلَدِهِ وَمَالِهِ حَتَّى يَلْقَى اللَّهَ وَمَا عَلَيْهِ خَطِيئَةٌ».
- نصوص مختارة للرمضانمَا يَزَالُ البَلاَءُ بِالمُؤْمِنِ وَالمُؤْمِنَةِ فِي نَفْسِهِ وَوَلَدِهِ وَمَالِهِ حَتَّى يَلْقَى اللَّهَ وَمَا عَلَيْهِ خَطِيئَةٌ