তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে?
ছাআদ বিন আবী অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ক'লেঃ "তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে? তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ "দৈনিক এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।"
كُنَّا عِنْدَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «أَيَعْجِزُ أَحَدُكُمْ أَنْ يَكْسِبَ، كُلَّ يَوْمٍ أَلْفَ حَسَنَةٍ؟» فَسَأَلَهُ سَائِلٌ مِنْ جُلَسَائِهِ: كَيْفَ يَكْسِبُ أَحَدُنَا أَلْفَ حَسَنَةٍ؟ قَالَ: «يُسَبِّحُ مِائَةَ تَسْبِيحَةٍ، فَيُكْتَبُ لَهُ أَلْفُ حَسَنَةٍ، أَوْ يُحَطُّ عَنْهُ أَلْفُ خَطِيئَةٍ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ তোমালোকে দৈনিক এহেজাৰ নেকী অৰ্জন কৰিব নোৱাৰিবানে? উপস্থিত লোকসকলৰ মাজৰ এজনে ক'লেঃ কিদৰে ইমান সহজে দৈনিক এহেজাৰ নেকী অৰ্জন কৰাটো সম্ভৱ? তেখেতে ক'লেঃ যিয়ে এশবাৰ ছুবহানাল্লাহ পাঠ কৰিব, তাৰ বাবে এহেজাৰ নেকী লিপিবদ্ধ কৰা হ'ব। কাৰণ এটা নেকীৰ বিনিময়ত দহটা নেকী প্ৰদান কৰা হয়। নাইবা তাৰ এহেজাৰ গুনাহ ক্ষমা কৰি দিয়া হ'ব।
হাদীছটোৰ দ্বাৰা ফজীলতপূৰ্ণ আমলৰ প্ৰতি উৎসাহিত কৰা হৈছে। কাৰণ এইটো হৈছে আনুগত্য তথা ইবাদতৰ জখলা।
হাদীছটোত তাছবীহ আৰু জিকৰ-আজকাৰৰ ফজীলত বৰ্ণিত হৈছে। কাৰণ এইটো এটা অত্যন্ত সৰু আমল, যিটোত কোনো কষ্ট নাই, কিন্তু ইয়াৰ দ্বাৰা মহা ছোৱাব অৰ্জন হয়।
চাহাবাসকলে কোনো ধৰণৰ পলম নকৰাকৈ সৎকৰ্ম কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰসৰ হৈছিল।
প্ৰতিটো নেক আমলৰ ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হয়। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ عَشْرُ أَمْثَالِهَا) [الأنعام: 160] অৰ্থঃ যিয়ে এটা নেকী কৰে, তাৰ বাবে আছে অনুৰূপ দহটা নেকী। (ছুৰা আনআমঃ ১৬০) বৃদ্ধিৰ এই মাত্ৰাটো হৈছে সৰ্বনিম্ন। কাৰণ হাদীছত দহৰ পৰা সাতশ গুণ পৰ্যন্ত বৃদ্ধিৰ কথা বৰ্ণিত হৈছে।
কিছুমান বৰ্ণনাত أو يحط عنه বাক্যটোত (أو) শব্দৰ পৰিবৰ্তে (و) আখৰ উল্লেখ হৈছে। মুল্লা আলী ক্বাৰীয়ে কৈছেঃ কেতিয়াবা (أو) শব্দৰ পৰিবৰ্তে (و) আখৰ ব্যৱহাৰ হয়। সেয়ে উভয় বৰ্ণনাৰ মাজত কোনো বিৰোধ নাই। এতেকে ইয়াৰ অৰ্থ হ'বঃ যিয়ে এইটো পাঠ কৰিব, তাক এহেজাৰ নেকী প্ৰদান কৰা হ'ব, যদিহে তাৰ কোনো গুনাহ নাথাকে। অন্যথা তাৰ কিছুমান পাপ মোচন কৰা হ'ব আৰু বাকীখিনি ছোৱাব হিচাপে লিপিবদ্ধ কৰা হ'ব। আনহাতে (أو) শব্দটো (و) আৰু (بل) অৰ্থতো ব্যৱহাৰ হ'ব পাৰে। তেনে ক্ষেত্ৰত সেই বাক্যটোৰ অৰ্থত উভয় নেকীক একত্ৰিত কৰা হ'ব। আনকি আল্লাহৰ অনুগ্ৰহ ইয়াতকৈ অধিক প্ৰশস্ত। ইতি। তেতিয়া বাক্যটোৰ অৰ্থ হ'বঃ তাৰ বাবে এহেজাৰ নেকী লিপিবদ্ধ কৰা হ'ব আৰু তাৰ এহেজাৰ গুনাহ ক্ষমা কৰা হ'ব।
ছহীহ মুছলিম (4/ 2073) (2698).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 507).
مرقاة المفاتيح.
لعلي القاري (4/ 1594).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 980).
مرعاة المفاتيح شرح مشكاة المصابيح.
لعبيد الله المباركفوري (7/ 454).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (3)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحكنا عند رسول الله صلى الله عليه وسلم فقال: “أيعجز أحدكم أن يكسب كل يوم ألف حسنة؟” فسأله سائل من جلسائه: كيف يكسب أحدنا ألف حسنة؟ قال: “يسبح مائة تسبيحة، فيكتب له ألف حسنة، أو يحط عنه ألف خطيئة”.
- رسالة في الأذكار1كنا عند رسول الله صلى الله عليه وسلم فقال: «أَيَعْجِزُ أَحَدُكُمْ أَنْ يَكْسِبَ كُلَّ يَوْمٍ أَلْفَ حَسَنَةٍ؟»، فسأله سائلٌ من جُلَسائه: كيف يكسِب أحدنا ألف حسنة؟ قال: «يُسَبِّحُ مئة تَسْبِيحَةً، فَيُكْتَبُ لَهُ أَلْفُ حَسَنَةً، أَوْ يُحَطّ
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«أيعجزُ أحدُكم أن يَكْسبَ في كلِّ يومٍ ألفَ حَسَنَةٍ!» فسألَهُ سائلٌ من جُلسائه: كيفَ يكسبُ ألفَ حسنَةٍ؟ قَالَ: «يسبِّحُ مائةَ تسبيحةٍ، فيُكْتبُ لَهُ ألفُ حسنةٍ، أوْ يحطُّ عَنْهُ ألفُ خطيئَةٍ».