যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব। যিয়ে বিষ খাই আত্মহত্যা কৰিব, জাহান্নামত এই বিষ তাৰ হাতত থাকিব, চিৰকাল সি সেই বিষ তাত সেৱন কৰিব। এইদৰে যিয়ে লোহাৰ অস্ত্ৰৰে আত্মহত্যা কৰিব, জাহান্নামত সেই অস্ত্ৰ তাৰ হাতত থাকিব, আৰু তাত সি সেইটোৰে চিৰকাল নিজৰ পেটত আঘাত কৰিব।"
«مَنْ تَرَدَّى مِنْ جَبَلٍ فَقَتَلَ نَفْسَهُ فَهُوَ فِي نَارِ جَهَنَّمَ يَتَرَدَّى فِيهِ خَالِدًا مُخَلَّدًا فِيهَا أَبَدًا، وَمَنْ تَحَسَّى سُمًّا فَقَتَلَ نَفْسَهُ فَسُمُّهُ فِي يَدِهِ يَتَحَسَّاهُ فِي نَارِ جَهَنَّمَ خَالِدًا مُخَلَّدًا فِيهَا أَبَدًا، وَمَنْ قَتَلَ نَفْسَهُ بِحَدِيدَةٍ فَحَدِيدَتُهُ فِي يَدِهِ يَجَأُ بِهَا فِي بَطْنِهِ فِي نَارِ جَهَنَّمَ خَالِدًا مُخَلَّدًا فِيهَا أَبَدًا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, পৃথিৱীত যিয়ে জানি বুজি আত্মহত্যা কৰিব, আখিৰাতত তাক জাহান্নামত সেই পদ্ধতিৰেই শাস্তি বিহা হ'ব, যাতে সি পূৰ্ণাংগ শাস্তি লাভ কৰে। এতেকে যিয়ে পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিব, জাহান্নামত সি চিৰকাল জাহান্নামৰ পাহাৰৰ পৰা জঁপিয়াই থাকিব। এইদৰে যিয়ে বিষ পান কৰি আত্মহত্যা কৰিব, জাহান্নামত তাৰ হাতত বিষ থাকিব, আৰু চিৰকাল সি সেই বিষ খাই থাকিব। যিয়ে নিজৰ পেটত ছুৰীৰে আঘাত কৰি আত্মহত্যা কৰিব, জাহান্নামত তাৰ হাতত তেনেকুৱাই অস্ত্ৰ থাকিব আৰু সি সেইটোৰে নিজৰ পেটত চিৰকাল ঘপিয়াই থাকিব।
আত্মহত্যা কৰা হাৰাম। এইটো হৈছে মহা পাপ। ইয়াৰ কাৰণে ব্যক্তিয়ে কঠিন শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব।
হাদীছটোত যিবোৰ কথা উল্লেখ হৈছে, এইবোৰ হৈছে আত্মহত্যাৰ কেইটিমান উদাহৰণহে। অন্যথা যিয়ে যিদৰে আত্মহত্যা কৰিব, তাক সেইদৰেই শাস্তি বিহা হ'ব। ছহীহ বুখাৰীৰ এটা হাদীছত আহিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে নিজৰ শ্বাসৰুদ্ধ কৰি আত্মহত্যা কৰিব, জাহান্নামত সি সেইদৰেই শাস্তি ভোগ কৰিব, আৰু যিয়ে চোকা অস্ত্ৰৰে আঘাত কৰি আত্মহত্যা কৰিব, সি জাহান্নামত নিজকে সেইদৰেই ঘপিয়াই থাকিব।"
ইমাম নাৱাৱীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী (সি জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল থাকিব)। এই বিষয়ে কেইবাটাও ব্যাখ্যা আছেঃ প্ৰথম ব্যাখ্যাঃ এইটো সেই ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য, যিয়ে ইয়াক হালাল বুলি গণ্য কৰে, তথা হাৰাম বুলি জানিও সেইটো কৰে, তেন্তে তেনেকুৱা ব্যক্তি হৈছে কাফিৰ। এইটোৱে হৈছে শাস্তি। দ্বিতীয় ব্যাখ্যাঃ ইয়াত চিৰকাল বুলি দীৰ্ঘ ম্যাদ বুজোৱা হৈছে। যেনে কোৱা হয় যে, আল্লাহে বাদশ্বাহৰ ৰাজত্ব চিৰকাল অক্ষুণ্ণ ৰাখক। তৃতীয় ব্যাখ্যাঃ এইটো হৈছে সেই ব্যক্তিজনৰ বাবে নিৰ্ধাৰিত শাস্তি, কিন্তু মহান আল্লাহ হৈছে দয়াশীল, তেওঁ জনাইছে যে, যিয়ে মুছলিম অৱস্থাত মৃত্যুবৰণ কৰিব, তেওঁ জাহান্নামত চিৰস্থায়ী নহ'ব।
এইটো হৈছে দুনিয়াৰ অপৰাধৰ বাবে আখিৰাতৰ শাস্তিৰ সৈতে মিল থকা এটি উদাহৰণ। ইয়াৰ পৰা বুজা যায় যে, এজন ব্যক্তিয়ে নিজৰ ওপৰত কৰা অপৰাধো আনৰ ওপৰত কৰা অপৰাধৰ দৰেই সমান গুনাহৰ অন্তৰ্ভুক্ত। কাৰণ তাৰ নিজৰ জীৱন বা শৰীৰ সম্পূৰ্ণৰূপে তাৰ অধিকাৰভুক্ত নহয়, বৰং এইটো হৈছে আল্লাহৰ। ব্যক্তিয়ে মাত্ৰ সেইবোৰ কামহে কৰিব পাৰে, যিবোৰৰ অনুমতি আল্লাহে তাক দিছে।
ছহীহ বুখাৰী (7/ 139) (5778).
ছহীহ মুছলিম (1/ 103) (109).
অধিক (4)
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (3/ 306).
إرشاد الساري لشرح صحيح البخاري (8/ 414).
المفهم لما أشكل من تلخيص كتاب مسلم (1/ 310).
عمدة القاري شرح صحيح البخاري (21/ 291).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- اللآلئ المضيئةعَنْ أَبِي هُرَيْرَةَ رضي الله عنه عَنِ النَّبِيِّ ﷺ قَالَ: “ مَنْ تَرَدَّى مِنْ جَبَلٍ فَقَتَلَ نَفْسَهُ فَهُوَ فِي نَارِ جَهَنَّمَ يَتَرَدَّى فِيهِ خَالِدًا مُخَلَّدًا فِيهَا أَبَدًا وَمَنْ تَحَسَّى سُمًّا فَقَتَلَ نَفْسَهُ فَسُمُّهُ فِي
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«مَنْ تَرَدَّى مِنْ جَبَلٍ فَقَتَلَ نَفْسَهُ، فَهُوَ فِي نَارِ جَهَنَّمَ يَتَرَدَّى فِيهِ خَالِدًا مُخَلَّدًا فِيهَا أَبَدًا، وَمَنْ تَحَسَّى سُمًّا فَقَتَلَ نَفْسَهُ، فَسُمُّهُ فِي يَدِهِ يَتَحَسَّاهُ فِي نَارِ جَهَنَّمَ خَالِدًا مُخَلَّدً
- نبراس طالب (4)1«مَنْ قَتَلَ نَفْسَهُ بِحَدِيدَةٍ فَحَدِيدَتُهُ فِي يَدِهِ يَتَوَجَّأُ (يُضرب) بِهَا فِي بَطْنِهِ فِي نَارِ جَهَنَّمَ خَالِدًا مُخَلَّدًا فِيهَا أَبَدًا»