Skip to content

এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ফাতিমা বিন্তে আবি হুবাইশ্বে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে,

মোৰ অতিমাত্ৰা ৰক্তক্ষৰণ হয়, পৱিত্ৰ হ'বই নোৱাৰোঁ। এনে অৱস্থাত মই নামাজ পৰিত্যাগ কৰিব পাৰিমনে? তেখেতে ক'লেঃ "নহয়, এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।"

إِنِّي أُسْتَحَاضُ فَلاَ أَطْهُرُ، أَفَأَدَعُ الصَّلاَةَ؟ فَقَالَ: «لَا، إِنَّ ذَلِكِ عِرْقٌ، وَلَكِنْ دَعِي الصَّلاَةَ قَدْرَ الأَيَّامِ الَّتِي كُنْتِ تَحِيضِينَ فِيهَا، ثُمَّ اغْتَسِلِي وَصَلِّي».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

ফাতিমা বিন্তে আবি হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মোৰ ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হৈয়ে থাকে, বন্ধ হোৱাৰ নামেই নলয়। অৰ্থাৎ হায়েজৰ বাহিৰে অন্যান্য দিনতো ৰক্তক্ষৰণ হয়ে থাকে। গতিকে এইটোক মই হায়েজ হিচাপে মানি লৈ নামাজ ত্যাগ কৰিব পাৰিমনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক ক'লে যে, এইটো হায়েজ নহয়, ইস্তিহাজাৰ তেজ। এইটো হৈছে এক প্ৰকাৰ বেমাৰ, যিটো গৰ্ভাশয়ৰ সিৰা ফাটি যোৱাৰ ফলত ওলায়। গতিকে এইটো হায়েজৰ তেজ নহয়। এতেকে ইস্তিহাজা হোৱাৰ আগত যিটো সময়ত সাধাৰণতে তোমাৰ হায়েজ হৈছিল সেই সময়টো যেতিয়া আহিব তেতিয়া তুমি সেই পূৰ্বৱৰ্তী হায়েজ পৰিমাণ দিন গণনা কৰি সেই দিনবোৰত নামাজ ৰোজা ত্যাগ কৰিবা, কাৰণ হায়েজ অৱস্থাত এইবোৰ নিষেধ। যেতিয়া সেই পৰিমাণ দিন পাৰ হ'ব, তেতিয়া তুমি হায়েজৰ পৰা পৱিত্ৰ হোৱা বুলি বিবেচিত হ'বা। গতিকে তুমি তেজ থকা ঠাইটো ভালকৈ ধুই ল'বা আৰু সম্পূৰ্ণ শৰীৰৰ পৰা নাপাকী দূৰ কৰাকৈ পৰিপূৰ্ণৰূপে গোছল কৰি ল'বা আৰু তাৰ পিছত নামাজ পঢ়িবা।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হায়েজ শেষ হোৱাৰ পিছত নাৰীসকলৰ বাবে গোছল কৰা অনিবাৰ্য।

ইস্তিহাজাগ্ৰস্ত নাৰীৰ বাবে নামাজ পঢ়া অনিবাৰ্য।

হায়েজ হৈছে এক প্ৰকাৰ প্ৰাকৃতিক তেজস্ৰাৱ, যিটো এজনী প্ৰাপ্তবয়স্ক নাৰীৰ গৰ্ভাশয়ৰ পৰা লজ্জাস্থানৰ মাধ্যমত ওলাই আহে। এই তেজ নিৰ্দিষ্ট দিনত ওলায়।

ইস্তাহাজা হৈছে গৰ্ভাশয়ৰ নিম্নভাগৰ পৰা ওলোৱা এক প্ৰকাৰ অসাময়িক তেজস্ৰাৱ। এইটো গৰ্ভাশয়ৰ পৰা নোলায়।

হায়েজ আৰু ইস্তিহাজাৰ মাজৰ পাৰ্থক্যঃ হায়েজৰ তেজ ক'লা গাঢ় আৰু গোন্ধযুক্ত হয়, আনহাতে ইস্তিহাজাৰ তেজ হৈছে ক'লা, পাতল গোন্ধ নথকা তেজ।

সম্পাদক

ছহীহ বুখাৰী (1/ 72) (325).

ছহীহ মুছলিম (1/ 262) (333).

অধিক (6)

تيسير العلام شرح عمدة الأحكام.

للبسام (ص77).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 63).

خلاصة الكلام شرح عمدة الأحكام.

لفيصل آل مبارك (ص40).