যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব, সেই ব্যক্তিয়ে ইছমা‘ঈলৰ বংশধৰসকলৰ চাৰিজন দাস মুক্ত কৰাৰ সমান ছোৱাব লাভ কৰিব।
«مَنْ قَالَ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، عَشْرَ مِرَارٍ كَانَ كَمَنْ أَعْتَقَ أَرْبَعَةَ أَنْفُسٍ مِنْ وَلَدِ إِسْمَاعِيلَ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে এই দুআ পাঠ কৰিবঃ "লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ"। অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। সমগ্ৰ বিশ্বজগতৰ পৰিপূৰ্ণ ক্ষমতা একমাত্ৰ তেওঁৰেই, সন্মান আৰু মুহাব্বতৰ সৈতে তেৱেঁই একমাত্ৰ প্ৰশংসাৰ যোগ্য। তেওঁ মহা ক্ষমতাৱান, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। যি ব্যক্তিয়ে এই মহান দুআটো দৈনিক দহবাৰ পঢ়িব, তেওঁ ইছমাঈল আলাইহিচ্ছালামৰ বংশধৰসকলৰ চাৰিজন দাস স্বাধীন কৰাৰ ছোৱাব লাভ কৰিব। ইছমাঈল আলাইহিচ্ছালামৰ বংশক নিৰ্দিষ্ট কৰাৰ অৰ্থ হৈছে, অন্যান্য বংশতকৈ এই বংশটো অত্যন্ত মৰ্যাদাশীল।
এই দুআটো অধিক গুৰুত্বপূৰ্ণ হোৱাৰ অন্যতম এটা কাৰণ হৈছে, ইয়াৰ মাজত আল্লাহৰ একত্ববাদৰ কথা উল্লেখ হৈছে, লগতে তেওঁক ৰাজত্ব, প্ৰশংসা আৰু পূৰ্ণ ক্ষমতাৰ অধিকাৰী বুলি স্বীকাৰ কৰা হৈছে।
একেলেঠাৰীয়ে পঢ়ক বা বিভিন্ন সময়ত পঢ়ক, ছোৱাব সমানেই লাভ কৰিব।
ছহীহ বুখাৰী (8/ 86) (6404).
ছহীহ মুছলিম (4/ 2071) (2693).
অধিক (8)
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 533).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 399).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 465).
سبل السلام بشرح بلوغ المرام.
للصنعاني (2/ 703).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (3)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"من قال لا إله إلا الله وحده لا شريك له، له الملك، وله الحمد، وهو على كل شيء قدير عشر مرار. كان كمن أعتق أربعة أنفس من ولد إسماعيل".
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«مَنْ قَالَ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، عَشْرَ مِرَارٍ كَانَ كَمَنْ أَعْتَقَ أَرْبَعَةَ أَنْفُسٍ مِنْ وَلَدِ إِسْمَاعِيلَ» [14]
- شرح الأصول الثلاثة«مَنْ قَالَ: لَا إِلَهَ إلَّا اللَّهُ خَالِصًا مِنْ قَلْبِهِ»