মহান আল্লাহৰ ওচৰত দুআতকৈ অধিক সন্মানিত বস্তু আন একো নাই।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মহান আল্লাহৰ ওচৰত দুআতকৈ অধিক সন্মানিত বস্তু আন একো নাই।
«لَيْسَ شَيْءٌ أَكْرَمَ عَلَى اللهِ تَعَالَى مِنَ الدُّعَاءِ».
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত বৰ্ণনা কৰিছে যে, আল্লাহ তা‘আলাৰ দৃষ্টিত দু‘আতকৈ অধিক সন্মানিত কোনো ইবাদত নাই। কিয়নো দু‘আত আছে আল্লাহৰ অমুখাপেক্ষিতাৰ স্বীকৃতি আৰু বান্দাৰ অক্ষমতা আৰু তেওঁৰ প্রতি বান্দাৰ মুখাপেক্ষিতাৰ স্বীকাৰোক্তি।
...:
এই হাদীছটোত দু‘আৰ ফজীলত বৰ্ণিত হৈছে। এতেকে যি ব্যক্তিয়ে আল্লাহৰ ওচৰত দু‘আ কৰে, তেওঁ দৰাচলতে আল্লাহক মহান বুলি জ্ঞান কৰে আৰু তেওঁক সন্মান কৰে আৰু তেওঁ এই স্বীকৃতি দিয়ে যে, মহান আল্লাহ হৈছে অভাৱমুক্ত, অমুখাপেক্ষী; কাৰণ ফকীৰ বা দৰিদ্ৰৰ ওচৰত কোনেও একো নুখুঁজে। লগতে তেওঁ হৈছে সৰ্বশ্রোতা; কাৰণ বধিৰৰ ওচৰত কোনেও প্ৰাৰ্থনা নকৰে। তেওঁ অত্যন্ত দানশীল; কাৰণ কৃপণৰ ওচৰত সহায় সাধাৰণতে সহায় বিচৰা নহয়। তেওঁ অত্যন্ত দয়ালু; কাৰণ কঠোৰ হৃদয়ৰ অধিকাৰীৰ ওচৰত মানুহে একো নিবিচাৰে। তেওঁ সক্ষম; কিয়নো অক্ষম ব্যক্তিৰ ওচৰত মানুহে দু‘আ নকৰে। তেওঁ অত্যন্ত নিকটৱৰ্তী; কিয়নো দূৰৱৰ্তী সত্ত্বাই শুনা নাপায়, ইত্যাদি মহান আৰু সুন্দৰ গুণাৱলীসমূহ আল্লাহৰ বাবে সাব্যস্ত কৰে।
ছুনান তিৰমিজী (5/ 385) (3370).
ছুনান ইবনে মাজাহ (5/ 6) (3829).
মুছনাদ আহমদ (14/ 360) (8748).
অধিক (8)
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 546).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 416).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 481).
سبل السلام بشرح بلوغ المرام.
للصنعاني (2/ 707).