নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"নিশ্চয় আল্লাহে যেতিয়া কোনো বান্দাক ভাল পায়, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক ভাল পাওঁ, তুমিও তাক ভাল পোৱা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক ভাল পায়। ইয়াৰ পিছত তেওঁ আকাশমণ্ডলত ঘোষণা দি কয়: নিশ্চয় 'আল্লাহে অমুক বান্দাক ভাল পায়, তোমালোকে তাক ভাল পোৱা'। তেতিয়া আকাশবাসীসকলে তাক ভাল পায়। তেখেতে কৈছেঃ ইয়াৰ পিছত তাক পৃথিৱীত নন্দিত সমাদৃত কৰা হয়। পক্ষান্তৰে আল্লাহে যেতিয়া কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীল আলাইহিচ্ছালামক মাতি কয়: 'মই অমুক বান্দাক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত তেওঁ আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, 'আল্লাহে অমুক বান্দাক অপছন্দ কৰে, তোমালোকেও তাক অপছন্দ কৰা'। তেখেতে কৈছেঃ তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে, আৰু পৃথিৱীত তাক সকলোৱে ঘৃণা কৰিবলৈ ধৰে।"
«إِنَّ اللهَ إِذَا أَحَبَّ عَبْدًا دَعَا جِبْرِيلَ فَقَالَ: إِنِّي أُحِبُّ فُلَانًا فَأَحِبَّهُ، قَالَ: فَيُحِبُّهُ جِبْرِيلُ، ثُمَّ يُنَادِي فِي السَّمَاءِ فَيَقُولُ: إِنَّ اللهَ يُحِبُّ فُلَانًا فَأَحِبُّوهُ، فَيُحِبُّهُ أَهْلُ السَّمَاءِ، قَالَ ثُمَّ يُوضَعُ لَهُ الْقَبُولُ فِي الْأَرْضِ، وَإِذَا أَبْغَضَ عَبْدًا دَعَا جِبْرِيلَ فَيَقُولُ: إِنِّي أُبْغِضُ فُلَانًا فَأَبْغِضْهُ، قَالَ فَيُبْغِضُهُ جِبْرِيلُ، ثُمَّ يُنَادِي فِي أَهْلِ السَّمَاءِ إِنَّ اللهَ يُبْغِضُ فُلَانًا فَأَبْغِضُوهُ، قَالَ: فَيُبْغِضُونَهُ، ثُمَّ تُوضَعُ لَهُ الْبَغْضَاءُ فِي الْأَرْضِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, মহান আল্লাহে যেতিয়া কোনো মুমিন বান্দাক ভালপায়, যিয়ে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা আঁতৰি থাকে, তেতিয়া তেওঁ জিব্ৰীলক মাতি কয়ঃ আল্লাহে অমুক ব্যক্তিক ভালপায়, গতিকে তুমিও তাক ভালপোৱা। তেতিয়া ফিৰিস্তাসকলৰ চৰ্দাৰ জিব্ৰীল আলাইহিচ্ছালামেও তাক মুহাব্বত কৰে। লগতে জিব্ৰীলে আকাশমণ্ডলত থকা ফিৰিস্তাসকলৰ মাজত ঘোষণা কৰি দিয়ে যে, তোমালোকৰ প্ৰতিপালকে অমুক ব্যক্তিক ভালপায়, গতিকে তোমালোকেও তাক মুহাব্বত কৰা। তেতিয়া আকাশৰ অধিবাসীসকলেও তেওঁক ভালপোৱা আৰম্ভ কৰে। ইয়াৰ পিছত মুমিনসকলৰ অন্তৰত তেওঁৰ মুহাব্বত আৰু তেওঁৰ প্ৰতি আকৰ্ষণ আৰু সন্তুষ্টি স্থাপন কৰা হয়। আনহাতে যেতিয়া আল্লাহে কোনো বান্দাক অপছন্দ কৰে, তেতিয়া জিব্ৰীলক মাতি কয়ঃ মই অমুকক অপছন্দ কৰোঁ, তুমিও তাক অপছন্দ কৰা। ফলত জিব্ৰীলেও তাক অপছন্দ কৰে। ইয়াৰ পিছত জিব্ৰীলে আকাশমণ্ডলৰ অধিবাসীসকলক মাতি কয়ঃ তোমালোকৰ প্ৰতিপালকে অমুক ব্যক্তিক অপছন্দ কৰে, গতিকে তোমালোকেও তাক অপছন্দ কৰা। তেতিয়া তেওঁলোকেও তাক অপছন্দ কৰে। ইয়াৰ পিছত মুমিনসকলৰ হৃদয়ত সেই ব্যক্তিৰ প্ৰতি অসন্তুষ্টি আৰু ঘৃণা স্থাপন কৰি দিয়ে।
আবু মুহাম্মদ বিন আবু জামাৰাই কৈছেঃ অন্যান্য ফিৰিস্তাৰ আগত জিব্ৰীলক এই নিৰ্দেশ প্ৰদান কৰি আল্লাহৰ ওচৰত থকা তেওঁৰ উচ্চ মৰ্যাদাৰ প্ৰমাণ প্ৰকাশ কৰা হৈছে।
যাক আল্লাহে মুহাব্বত কৰে, তাক আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলেও মুহাব্বত কৰে। আনহাতে যাক আল্লাহে অপছন্দ কৰে, তাক আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলেও অপছন্দ কৰে।
ছিন্ধীয়ে কৈছেঃ "আৰু পৃথিৱীত তেওঁৰ বাবে গ্ৰহণযোগ্যতা স্থাপন কৰা হয়"—এই কথাষাৰৰ অৰ্থ এইটো নহয় যে, সকলোৱে তাক ভাল পাব (সাৰ্বজনীনভাবে)। বৰঞ্চ ইয়াৰ অৰ্থ হৈছে, আল্লাহে যিমানখিনি গ্ৰহণযোগ্যতা তেওঁৰ বাবে নিৰ্ধাৰণ কৰিছে, সিমানখিনি অৰ্জন কৰিব। কিয়নো সৎলোকৰ প্ৰতি অসৎলোকৰ শত্ৰুতা হৈছে এটা সুপৰিচিত বিষয়।
সকলো ধৰণৰ নেক আমল ফৰজ হওক বা ছুন্নত আদি পৰিপূৰ্ণভাৱে আদায় কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে পাপকৰ্ম আৰু বিদ্আতৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে, কিয়নো এইবোৰ হৈছে আল্লাহৰ অসন্তুষ্টিৰ কাৰণ।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছে: এই হাদীছৰ পৰা বুজা যায় যে, মানুহৰ হৃদয়ত প্ৰিয় হোৱাটো আল্লাহৰ মুহাব্বতৰ এটা সংকেত। লগতে ইয়াৰ সপক্ষে জানাজাৰ হাদীছৰ এই বাক্যাংশ সমৰ্থন কৰে, 'তোমালোকেই পৃথিৱীত আল্লাহৰ সাক্ষী' (অৰ্থাৎ: মানুহৰ মাজত সৎ ব্যক্তিৰ স্বীকৃতি আল্লাহৰ পক্ষৰ পৰা হয়)।
ইবনুল আৰাবী আল-মালিকীয়ে কৈছেঃ 'পৃথিৱীবাসী' বুলি ইয়াত কেৱল সেইসকল লোককে বুজোৱা হৈছে যিসকলে তেওঁক চিনি পায়। যিসকলে তেওঁক চিনি নাপায় বা তেওঁৰ কথা শুনা নাই, তেওঁলোকক বুজোৱা হোৱা নাই।
ছহীহ বুখাৰী (4/ 111) (3209).
ছহীহ মুছলিম (4/ 2030) (2637).
অধিক (8)
شرح رياض الصالحين.
لابن عثيمين (3/ 268).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 355).
كنوز رياض الصالحين.
لمجموعة من الباحثين (6/ 308).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 455).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«إِنَّ اللَّهَ إِذَا أَحَبَّ عَبْدًا دَعَا جِبْرِيلَ فَقَالَ: إِنِّي أُحِبُّ فُلَانًا فَأَحِبَّهُ، قَالَ: فَيُحِبُّهُ جِبْرِيلُ، ثُمَّ يُنَادِي فِي السَّمَاءِ فَيَقُولُ: إِنَّ اللَّهَ يُحِبُّ فُلَانًا فَأَحِبُّوهُ، فَيُحِبُّهُ أَهْلُ السَّم
- قاموس الكبائر«إِنَّ اللَّهَ إِذَا أَحَبَّ عَبْدًا دَعَا جِبْرِيلَ فَقَالَ: إِنِّي أُحِبُّ فُلَانًا فَأَحِبَّهُ، قَالَ: فَيُحِبُّهُ جِبْرِيلُ، ثُمَّ يُنَادِي فِي السَّمَاءِ فَيَقُولُ: إِنَّ اللَّهَ يُحِبُّ فُلَانًا فَأَحِبُّوهُ، فَيُحِبُّهُ أَهْلُ السَّم