Skip to content

“যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

“যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই। আনহাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত যদি কোনোবাই আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে কয়: তোমালোকে ৰাতি কটাবলৈ ঠাই পাই গ'লা আৰু যদি আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম নলয় তেতিয়া কয়: তোমালোকে ৰাতি কটাবলৈও ঠাই পালা আৰু আহাৰ কৰাৰো সুযোগ লাভ কৰিলা।"

«إِذَا دَخَلَ الرَّجُلُ بَيْتَهُ، فَذَكَرَ اللهَ عِنْدَ دُخُولِهِ وَعِنْدَ طَعَامِهِ، قَالَ الشَّيْطَانُ: لَا مَبِيتَ لَكُمْ، وَلَا عَشَاءَ، وَإِذَا دَخَلَ، فَلَمْ يَذْكُرِ اللهَ عِنْدَ دُخُولِهِ، قَالَ الشَّيْطَانُ: أَدْرَكْتُمُ الْمَبِيتَ، وَإِذَا لَمْ يَذْكُرِ اللهَ عِنْدَ طَعَامِهِ، قَالَ: أَدْرَكْتُمُ الْمَبِيتَ وَالْعَشَاءَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, ঘৰত প্ৰৱেশ কৰাৰ সময়ত আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম লব লাগে। অৰ্থাৎ বিছমিল্লাহ বুলি কৈ ঘৰত প্ৰৱেশ কৰিব লাগে তথা পানাহাৰ আৰম্ভ কৰিব লাগে। তেতিয়া চয়তানে তাৰ সহযোগীসকলক কয়ঃ এই ঘৰত তোমালোকৰ ৰাতি যাপন কৰাৰ কোনো সুযোগ নাই আৰু পানাহাৰৰো কোনো সুযোগ নাই। কাৰণ ঘৰৰ গৰাকীয়ে আল্লাহৰ নাম লৈ ঘৰখনক সুৰক্ষিত কৰিছে। আনহাতে যদি কোনোবাই ঘৰত প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ নাম নলয় আৰু আহাৰ কৰাৰ সময়তো যদি আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে তাৰ সহযোগীসকলক কয়ঃ তোমালোকে ৰাতি থকাৰ ঠাই পাই গ'লা, আৰু এই ঘৰখনত পানাহাৰ কৰাৰো সুবিধা পালা।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ঘৰত প্ৰৱেশ কৰাৰ সময়ত আৰু পানাহাৰ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা মুস্তাহাব। কাৰণ যদি আল্লাহৰ নাম লোৱা নহয় তেন্তে চয়তানে সেই ঘৰত ৰাতি অতিবাহিত কৰে আৰু পানাহাৰো কৰে।

চয়তানে সদায় আদম সন্তানৰ আমলৰ প্ৰতি খাপ পাতি ৰৈ থাকে। আনকি সকলো কামতে চকু ৰাখে, যেতিয়াই বান্দা আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হয় তেতিয়াই সেই কামত চয়তানে হস্তক্ষেপ কৰে।

জিকৰ-আজকাৰে চয়তানক বিতাৰিত কৰে।

প্ৰতিটো চয়তানৰে অনুসাৰী আছে তথা সহযোগী আছে, যিসকলে তাৰ কথামতে চলে আৰু তাৰ নিৰ্দেশনা পালন কৰে।

সম্পাদক

ছহীহ মুছলিম (3/ 1598) (2018).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 50).

تطريز رياض الصالحين.

لفيصل المبارك (ص467).

شرح رياض الصالحين.

لابن عثيمين (4/ 190).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 700).